গুৱাহাটীৰ পল্টনবজাৰ আৰক্ষী থানাৰ কনিষ্টবল সন্ধানহীন হৈ থকা গায়ত্ৰী হাজৰিকাৰ সন্ধান এতিয়ালৈকে লাভ কৰা নাই। উল্লেখযোগ্য যে কালি কেতবোৰ বিভাগীয় কামত আমিনগাঁওলৈ বুলি যোৱাৰ পাছৰে পৰা তেওঁ সন্ধানহীন হৈ আছে। তেওঁৰ সৈতে এটা ঘৰত ভাৰাতীয়া হিচাপে থকা আৰক্ষী আয়ুক্তালয়ত কৰ্মৰত কনিষ্টবল জুৰি বৈশ্যই কালি সন্ধিয়া ৬ বজাৰ পৰা তেওঁৰ সৈতে ফোনৰ সংযোগ স্থাপন কৰিব পৰা নাই বুলি প্ৰকাশ কৰাৰ লগতে কৰ্তব্যস্থলীতো তেওঁ উপস্থিত নোহোৱাত আৰক্ষীয়ে তেওঁৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। অৱশ্যে আজি পুৱাৰ ভাগত পুৰণি শৰাইঘাট দলঙৰ ওপৰত তেওঁৰ কিছু সামগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰে যদিও তেঁওৰ সন্ধান এতিয়াও পোৱা হোৱা নাই। অৱশ্যে কিছুমান সংবাদ মাধ্যমত তেঁওৰ আত্মহত্যাৰ টোকা লাভ কৰা বুলি প্ৰচাৰিত বাতৰিৰ সত্যতা আৰক্ষীয়ে অগ্রাহ্য কৰিছে। ইয়াৰ উপৰি গুৱাহাটীৰ শিলসাঁকো বিলৰ উচ্ছেদৰ বাবে তেঁওক গুৱাহাটী আৰক্ষীয়ে নিয়োগ কৰাৰ কথাও আৰক্ষী সূত্রই অগ্রাহ্য কৰিছে। (AIR NEWS)