গুৱাহাটী থিয়েটাৰ ফেষ্টিভেলৰ সফল সামৰণি

news

গুৱাহাটী: বলীউডৰ যশস্বী অভিনেতা আমোল পালেকাৰৰ অনবদ্য একক অভিনয়সমৃদ্ধ কুছুৰ – দ্য মিছটেকেৰে সামৰণি পৰিল চতুৰ্থ গুৱাহাটী থিয়েটাৰ ফেষ্টিভেল। বলিষ্ঠ অভিনেতাগৰাকীৰ স্বৰচিত-পৰিচালিত হিন্দী ভাষাৰ ৰহস্যধৰ্মী নাটখনত পালেকাৰে এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ভুমিকাত অভিনয় কৰে

উল্লেখ্য যে প্ৰতিবছৰৰ দৰে এইবছৰো গুৱাহাটী থিয়েটাৰ ফেষ্টিভেলে সামৰণি দিনা আগবঢ়ায় নাট্যক্ষেত্ৰত জীৱনজোৰা সাধনা বঁটা। বিগত তিনিটা বৰ্ষত কুলদা কুমাৰ ভট্টাচাৰ্য, অৰুণ শৰ্মা (মৰণোত্তৰ) আৰু শুক্ৰাচাৰ্য ৰাভা (মৰণোত্তৰ)ক এই বঁটা দিয়াৰ পিছত ৪ৰ্থ বাৰৰ বাবে এই বঁটা প্ৰদান কৰা হয় অসমৰ নাট্যক্ষেত্ৰত, চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা নিপন গোস্বামীলৈ। অসমৰ নাট আৰু চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবেই বৰ্ষীয়ান অভিনেতাগৰাকীলৈ এই বঁটা আগবঢ়োৱা হয়। বঁটা গ্ৰহণ কৰি সন্তুষ্টিও প্ৰকাশ কৰাৰ লগতে উদ্যোক্তাক ধন্যবাদ জ্ঞাপন কৰে অভিনেতাগৰাকীয়ে।

বিগত বৰ্ষবোৰত শ্বাৱানা আজমী, কাল্কী কেকলান, সৌৰভ শুক্লা, ৰজত কাপুৰ, বিনয় পাঠকৰ দৰে অভিনেতাই শুৱনি কৰি যোৱা গুৱাহাটী থিয়েটাৰ ফেষ্টিভেলত এইবাৰ নাট পৰিৱেশন কৰে ৰাকেশ বেদী, আমোল পালেকাৰ, ৰূপালী গাঙ্গুলী, সিদ্ধাৰ্থ মাৰ্চেণ্ট, দানিছ ইৰাণী, সজীৱ পৰখ, দিলনাজ ইৰাণী, ডৰিয়াছ শ্ৰফৰ দৰে জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে। ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই নাট মহোৎসৱত এইবাৰ পট্টে খুল গয়ে, দ্য ডেভিল ৱেৰ্ছ বাটা আৰু আমোল পালেকাৰৰ কুছুৰ দ্য মিছটেক মঞ্চস্থ কৰা হয়। তিনিওটা দিনত প্ৰায় ৩ সহস্ৰাধিক লোকে ভিৰ কৰে এই মহোৎসৱত। (INDIA ONLINE)

70 Days ago