গুৱাহাটী প্ৰেছ ক্লাবৰ অতিথি শীৰ্ষক অনুষ্ঠানত আজি অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্রধান, বিশিষ্ট সাহিত্যিক ড° কুলধৰ শইকীয়াই অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ড° শইকীয়াৰ কৰ্মজীৱন আৰু সৃষ্টিশীল জীৱন বিভিন্ন দিশ আলোকপাত কৰা হয়। তেওঁ ভাষাৰ অৰ্থনীতি শীর্ষক গুৰুত্বপূর্ণ বিষয় সম্পর্কেও অৱলোকন কৰে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ বাৰ্তা সম্পাদক মানস প্রতীম শৰ্মাই আঁতধৰা অনুষ্ঠানটোত প্ৰেছ ক্লাবৰ সভাপতি, সম্পাদক প্ৰমুখ্যে সাংবাদিকসকলে অংশগ্ৰহণ কৰে। (AIR NEWS)