A part of Indiaonline network empowering local businesses

চতুর্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেম্‌ছ-অষ্টলক্ষ্মী ২০২৩ৰ প্ৰতীক, শুভংকৰ, শিখা, জাৰ্ছি আৰু থীম ছং

News

১৮ৰ পৰা ২৯ ফেব্ৰুৱাৰীলৈ অসমকে ধৰি উত্তৰ-পূবত হ'বলগীয়া চতুর্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেম্‌ছ-অষ্টলক্ষ্মী ২০২৩ৰ প্ৰতীক, শুভংকৰ, শিখা, জাৰ্ছি আৰু থীম ছং আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। ৰাজ্যখনৰ ৭ খন নগৰ-মহানগৰৰ ১৮ টা স্থানত এই প্রতিযোগিতা অনুষ্ঠিত হ’ব। প্রতিযোগিতাৰ ২০ টা শিতানত ৪ হাজাৰ ৫০০ গৰাকী খেলুৱৈয়ে অংশ ল'ব বুলি জানিব পৰা গৈছে। কমেও ২০০ খন বিশ্ববিদ্যালয়ৰ প্ৰতিযোগীয়ে এই প্রতিযোগিতাত অংশগ্রহণ কৰিব। কর্মবীৰ নবীনচন্দ্ৰ বৰদলৈ ইন্দোৰ ষ্টেডিয়ামত আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্রীয় ক্রীড়া দপ্তৰৰ ৰাজ্য মন্ত্রী নিশীথ প্রমাণিকে অংশগ্রহণ কৰে। ৰাজ্য চৰকাৰৰ ক্রীড়া আৰু যুৱকল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গার্লোছাইও অনুষ্ঠানত অংশগ্রহণ কৰিব। এই ক্রীড়া মহোৎসৱৰ ১৫ বিধ খেল গুৱাহাটীত আৰু উত্তৰ-পূবৰ অন্য ৰাজ্যত এবিধকৈ খেল অনুষ্ঠিত হ'ব। এইবাৰৰ প্রতিযোগিতাত স্থান লাভ কৰিবলগীয়া খেলসমূহৰ কেইবিধমান হ'ল এথলেটিকছ, ফুটবল, বাগবী, ভলীবল, বাস্কেট বল, সাঁতোৰ, বেডমিণ্টন, হকী ইত্যাদি। ইয়াৰ ভিতৰত অন্যতম হৈছে দেশৰ পৰম্পৰাগত ক্ৰীড়া মাল্লখম্ব। গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্ৰকল্পত অহা ১৮ৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ মাল্লখম্ব প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। (AIR NEWS)

20 Days ago