A part of Indiaonline network empowering local businesses

চত্তিশগড়ৰ দান্তেৱাড়াত মাওবাদীৰ আক্ৰমনত নিহত ১০জন নিৰাপত্তাৰক্ষী

news

চত্তিশগড়ৰ দান্তেৱাড়া জিলাত মাওবাদীৰ আক্ৰমনত আজি ১০জন নিৰাপত্তাৰক্ষীসহ ১১জন লোক নিহত হয়। আমাৰ সংবাদদাতাই জনোৱা মতে, বিশেষ সূত্ৰৰ পৰা জিলাখনৰ আৰাণপুৰ অঞ্চলত কেইবাজনো মাওবাদী থকাৰ খবৰ লাভ কৰি জিলা সংৰক্ষিত প্ৰহৰী চমুকৈ ডি আৰ জি মাওবাদী বিৰোধী অভিযানত গৈছিল। অভিযানৰ পাছত ডিআৰজি দলটো উভতি অহাৰ পথত আৰাণপুৰ অঞ্চলৰ সমীপত মাওবাদীয়ে ডিআৰজিৰ গাড়ীলৈ শক্তিশালী আই ই ডি বোমা নিক্ষেপ কৰে। এই আক্ৰমনত ১০ জন ডি আৰ জি জোৱানৰ সৈতে এজন গাড়ীচালক নিহত হয়। অঞ্চলটোত অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দান্তেৱাড়াৰ এই আক্রমনক গৰিহণা দিছে। প্রধানমন্ত্ৰীগৰাকীয়ে এই আক্ৰমনত প্ৰাণ হেৰুওৱা বীৰ শ্বহিদসকলৰ প্ৰতি এটা টুইটযোগে শোকবার্তা প্ৰেৰণ কৰাৰ লগতে তেওঁলোকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। জোৱানসকলৰ এই ত্যাগ দেশে সদায় মনত ৰাখিব। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেও নক্সালবাদীৰ এই আক্রমণক গৰিহণা দিয়াৰ লগতে ৰাজ্যখনক সকলো ধৰণৰ সমৰ্থন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, চত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভুপেশ বাঘেলৰ সৈতে তেওঁ ফোনযোগে বাৰ্তালাপ কৰিছে আৰু দান্তেৱাড়াৰ এই মাওবাদী আক্ৰমনৰ বিষয়ে অনুসন্ধান কৰিছে। তেওঁ লগতে চত্তিশগড় ৰাজ্য চৰকাৰক এই ঘটনাৰ বিস্তৃত বিৱৰণ দিবৰ বাবে আহ্বান জনাইছে। (AIR NEWS)

31 Days ago