A part of Indiaonline network empowering local businesses

চন্দ্রযান-৩ বুধবাৰে চন্দ্ৰৰ দক্ষিণ মেৰুত মসৃণ অৱতৰণৰ সম্ভাৱনা

news

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ'ৰ অভিলাষী চন্দ্র অভিযান চন্দ্রযান-৩ অহা বুধবাৰে বিয়লি প্রায় ৬.০৪ মিনিটত চন্দ্ৰৰ দক্ষিণ মেৰুত মসৃণ অৱতৰণ কৰাৰ সম্ভাৱনা আছে। এই ঐতিহাসিক ঘটনা দেশৰ জনসাধাৰণে ২৩ আগষ্টৰ বিয়লি ৫ বাজি ২৭ মিনিটৰ পৰা পোনপটীয়াকৈ ইছৰৰ ৱেবচাইট, সংস্থাটোৰ ইউটিউব চেনেল, ইছৰৰ ফেচবুক পেজ আৰু ডি ডি নেশ্যনেলত প্ৰত্যক্ষ কৰিব পাৰিব। ইয়াৰ আগেয়ে আজি পুৱাৰ ভাগত চন্দ্ৰযান-৩ৰ বিক্ৰম আৰু প্ৰজ্ঞান সংলগ্ন লেণ্ডাৰ মডিউলটোৱে সফলতাৰে দ্বিতীয় আৰু অন্তিমবাৰৰ বাবে গতিবেগ হ্ৰাস কৰি চন্দ্ৰৰ নিচেই কাষ চাপিছে। সম্প্ৰতি চন্দ্ৰপৃষ্ঠৰ পৰা যানখন মাত্র ১৩৪ কিলোমিটাৰ নিলগত আছে। এই অভিযান সফল হোৱাৰ লগে লগে ভাৰত চন্দ্ৰৰ দক্ষিণ মেৰুত মসৃণ অৱতৰণ কৰা প্ৰথমখন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হব। (AIR NEWS)

35 Days ago