ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ'ৰ চন্দ্ৰ অভিযান চন্দ্ৰযান-৩ সম্প্ৰতি চন্দ্ৰৰ পৰা সৰ্বাধিক কম দূৰত্বৰ বৃত্তাকাৰ কক্ষপথত আছে। চন্দ্ৰপৃষ্ঠৰ চাৰিওদিশে গতি কৰা থকা চন্দ্ৰযানখনে ১৭৪ কিলোমিটাৰ উপ বৃত্তাকাৰ কক্ষপথৰ পৰা ১,৪৩৭ কিলোমিটাৰত প্ৰৱেশ কৰিছে। অহা ২৩ আগষ্টত চন্দ্ৰযানৰ লেণ্ডাৰখন চন্দ্ৰৰ দক্ষিণ মেৰুত মসৃন অৱতৰণ কৰোৱাৰ বাবে লক্ষ্য স্থিৰ কৰা হৈছে। এই অভিযান সফল হ'লে চন্দ্ৰৰ দক্ষিণ মেৰুত মহাকাশযান অৱতৰণ কৰোৱা ভাৰত বিশ্বৰ প্ৰথম ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ'ব। (AIR NEWS)