A part of Indiaonline network empowering local businesses

চলচ্চিত্ৰ আৰু বিনোদন জগতৰ সৰ্বোচ্চ সন্মান অস্কাৰ প্ৰদান

News

চলচ্চিত্ৰ আৰু বিনোদন জগতৰ সৰ্বোচ্চ সন্মান অস্কাৰ আজি প্ৰদান কৰা হৈছে। লছ এঞ্জেলছৰ ডালবী থিয়েটাৰত অনুষ্ঠিত ৯৬ সংখ্যক অকাডেমী বঁটাত অপেনহেইমাৰে শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে। ছবিখনে আন কেইবাটাও শিতানত বঁটা লাভ কৰিছে। অপেনহেইমাৰত কৰা অভিনয়ৰ বাবে কিলিয়ান মর্ফিয়ে শ্রেষ্ঠ অভিনেতা, ৰবাৰ্ট ডাউনি জুনিয়ৰে শ্ৰেষ্ঠ সহ-অভিনেতা আৰু ছবিখনৰ নিৰ্দেশনাৰ বাবে ক্ৰিষ্ট'ফাৰ ন'লানে প্ৰথমবাৰৰ বাবে শ্রেষ্ঠ নিৰ্দেশকৰ বঁটা লাভ কৰিছে। ছবিখনে লগতে সৰ্বশ্রেষ্ঠ চলচ্চিত্র সম্পাদনা, চিনেমাৰ্ট গ্ৰাফী আৰু অৰিজিনেল স্ক'ৰৰ বঁটাও লাভ কৰিছে। আনহাতে প'ৰ থিংছ ছবিখনৰ বাবে এমাষ্ট'নে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে। ছবিখনে লগতে শ্রেষ্ঠ প্ৰডাকচন ডিজাইন, মেক আপ আৰু সাজ-সজ্জা বঁটাও লাভ কৰিছে। শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটা লাভ কৰিছে জয় ৰেন্ডলফ বাৰবিয়ে। ইউক্রেইন যুদ্ধৰ আধাৰত নিৰ্মিত টুৱেণ্টি ডেইছ ইন মাৰিঅ' পুল শীৰ্ষক তথ্য চিত্ৰখনে শ্ৰেষ্ঠ তথ্য চিত্ৰৰ বঁটা লাভ কৰিছে। দ্যা জ'ন অব ইণ্টাৰেষ্ট ছবিৰ বাবে ব্ৰিটেইনে শ্রেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা লাভ কৰিছে। মোচন পিক্সাৰ আৰ্টছ এও ছাইনছেজ একাডেমিয়ে অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত ২০২৩ চনৰ ২ আগষ্টত মৃত্যুবৰণ কৰা ভাৰতীয় কলা নিৰ্দেশক তথা প্ৰডাকচন ডিজাইনাৰ চন্দ্ৰকান্ত দেশাইৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। (AIR NEWS)

41 Days ago