A part of Indiaonline network empowering local businesses

চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

news

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই যোৱানিশা এটা টুইটযোগে ফলাফল ঘোষণাৰ কথা প্ৰকাশ কৰিছিল।
ফলাফল অনুসৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত এই বৰ্ষত উত্তীৰ্ণৰ হাৰ ৭০. ১-২ শতাংশ। কলা শাখাত অৱতীৰ্ণ হোৱা ২ লাখ ৬১ হাজাৰ ২৩১ পৰীক্ষাৰ্থীৰ ২৮ হাজাৰ ৬৫১ গৰাকীয়ে প্ৰথম বিভাগত ৫৮ হাজাৰ ৮৬৯ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৯৫ হাজাৰ ৬৬০ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে।
বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৮৪. ৯৬ শতাংশ। ৪৬ হাজাৰ ৩৮৩ গৰাকী পৰীক্ষাৰ্থী বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ১৮ হাজাৰ ৮৬৮ গৰাকীয়ে প্ৰথম বিভাগত, ১৬ হাজাৰ ৪৫৫ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ৪ হাজাৰ ৮২ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে।
বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৭৯. ৫-৭। শাখাটোত ২০ হাজাৰ ৪১৭ গৰাকী শিক্ষার্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে ৫ হাজাৰ ২৫৪ গৰাকীয়ে প্ৰথম বিভাগ, ছহেজাৰ ৪৮৬ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৪ হাজাৰ ৫০৫ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে।
কলা শাখাত নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সংকল্পজিৎ শ‍ইকীয়াই প্ৰথম স্থান লাভ কৰিছে। একেখন বিদ্যালয়ৰ দিয়া মহন্তই দ্বিতীয় স্থান লাভ কৰিছে। তৃতীয় স্থানত আছে ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰা অৱতীৰ্ণ হোৱা শ্ৰেয়া সৰকাৰ।
বিজ্ঞান শাখাত ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰা অৱতীৰ্ণ হোৱা নিখিলেশ দত্তই প্রথম স্থান লাভ কৰিছে। অভিজিৎ ৰয়, বিশ্বজ্যোতি দাস আৰু ঋষভ উপাধ্যায় - এই তিনিজন পৰীক্ষাৰ্থীয়ে দ্বিতীয় স্থান লাভ কৰিছে। উল্লেখযোগ্য যে এই আটাইকেইজন নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষার্থী। একেখন বিদ্যালয়ৰ পৰা তৃতীয় স্থান লাভ কৰিছে প্রার্থনা প্ৰিয়ম শ‍ইকীয়াই। আনহাতে, ধুবুৰীৰ শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নবীন সাই তৃতীয় স্থান লাভ কৰিছে।
বাণিজ্য শাখাত গুৱাহাটীৰ কে চি দাস বাণিজ্য মহাবিদ্যালয়ৰ বৰ্ষা বথ্ৰা আৰু গুৱাহাটীৰ মালয়বাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সুকন্যা কুমাৰে প্ৰথম স্থান লাভ কৰিছে। নগাঁৱৰ শংকৰদেৱ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ জিলিক ছীলে দ্বিতীয় স্থান লাভ কৰিছে। হাইলাকান্দিৰৰ পেৰামাউন্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ জাহাংগীৰ আলমে তৃতীয় স্থান লাভ কৰিছে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতা লাভ কৰা শিক্ষার্থীসকলক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। লগতে মনঃপুত ফলাফল লাভ কৰিবলৈ সমৰ্থ নোহোৱাসকলক পৰৱৰ্তী পৰীক্ষাসমূহৰ বাবে নতুন উদ্যমেৰে সাজু হ'বলৈ মুখ্যমন্ত্ৰীয়ে পৰামর্শ দিয়ে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে শিক্ষার্থীসকলক অভিনন্দন জ্ঞাপন কৰে। তেওঁ লগতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সমূহ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে পৰৱৰ্তী বছৰসমূহত পৰীক্ষা অনুষ্ঠিত কৰাৰ পাছত ফলাফল ঘোষণাৰ সময়সীমা হ্রাস কৰাৰ প্ৰয়াস কৰা হ'ব। (AIR NEWS)

110 Days ago