A part of Indiaonline network empowering local businesses
Chaitra Navratri

ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত মহিলাসহ ১০ নক্সালবাদী নিহত - Naxalites killed in Chhattisgarh

news

নিউজ ডেস্ক, ৩ এপ্ৰিল : ছত্তীশগড়ৰ বস্তাৰ জিলাৰ বিজাপুৰত সংঘটিত হয় নিৰাপত্তাৰক্ষীৰে এক বৃহৎ নক্সাল সংঘৰ্ষ । মঙলবাৰে সংঘটিত এই সংঘৰ্ষত এগৰাকী মহিলা মাওবাদীকে ধৰি ১০ মাওবাদীক নিৰাপত্তাৰক্ষীয়ে হত্যা কৰে । উল্লেখ্য যে মঙলবাৰে নিৰাপত্তা বাহিনীয়ে এজন ডাঙৰ নক্সালবাদী পাপা ৰাওৰ উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰে । ইয়াৰ পিচতে সুৰক্ষা বাহিনীয়ে লেণ্ড্ৰাৰ অৰণ্যত এক অভিযান চলায় । এতিয়ালৈকে প্ৰাপ্ত তথ্য অনুসৰি, এই অভিযানত মুঠ ১০ মাওবাদী নিহত হৈছে ।

বিজাপুৰৰ এছপি আৰু বস্তাৰ আইজিৰ মতে, নিহত নক্সালবাদীসকলৰ ভিতৰত পিএলজিএ কোম্পানীৰ দুজন মাওবাদীও আছে । ঘটনাস্থলীৰ পৰা এটা এলএমজি স্বয়ংক্ৰিয় অস্ত্ৰ, এটা 3 নট 3 ৰাইফল, এটা 12 ব'ৰ ৰাইফল আৰু বৃহৎ পৰিমাণৰ বিজিএল শ্বেল আৰু লঞ্চাৰ উদ্ধাৰ কৰা হৈছে । নিৰাপত্তাৰক্ষীয়ে গংগালুৰ অঞ্চলত এই সংঘৰ্ষ সংঘটিত কৰে । আৰক্ষীয়ে জনোৱা মতে, ঘটনাস্থলীৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে । আনহাতে, এনকাউণ্টাৰ স্থানত চলোৱা তালাচীৰ সময়ত এটা এলএমজিও উদ্ধাৰ হয় ।

ইফালে লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান বস্তাৰত সেনাবাহিনীৰ তালাচী অভিযান তীব্ৰতৰ হৈ উঠিছে । মঙলবাৰে এছটিএফ দলটোৱে ডিআৰজি, চিআৰপিএফৰ কোব্ৰা বেটেলিয়ন, বস্তাৰ ফাইটাৰ্ছ আৰু বস্তাৰিয়া বেটেলিয়নৰ সৈতে অনুসন্ধানত ওলাই যায় । নিৰাপত্তাৰক্ষীৰ দলটো কোৰচোলি আৰু লেণ্ড্ৰাৰ অৰণ্যত উপস্থিত হোৱাৰ লগে লগে ইতিমধ্যে তাত অৱস্থান কৰি থকা নক্সালবাদীয়ে গুলীবৰ্ষণ আৰম্ভ কৰে । সেনাবাহিনীয়েও লগে লগে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰে তাৰ প্ৰত্যুত্তৰ দিয়ে । কেইবা ঘণ্টা ধৰি চলা এই এনকাউণ্টাৰত ১০ কট্টৰ মাওবাদী নিহত হয়।

এই সংঘৰ্ষত নিহত ১০ মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । ঘটনাস্থলীৰ পৰা আইএনএছএএছ এলএমজিৰ দৰে স্বয়ংক্ৰিয় অস্ত্ৰ আৰু বৃহৎ পৰিমাণৰ গোলাবাৰুদকে ধৰি দৈনিক ব্যৱহাৰৰ সামগ্ৰীও উদ্ধাৰ কৰা হৈছে । আৰক্ষীয়ে জনোৱা অনুসৰি, এনকাউণ্টাৰটো পুৱা ৬ বজাত আৰম্ভ হৈ সন্ধিয়ালৈকে চলে ।

উল্লেখ্য যে নক্সালবাদী নেতা পাপা ৰাওৰ উপস্থিতিৰ খবৰ পোৱাৰ পিচত সুৰক্ষা বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয় । আনহাতে, অঞ্চলটোত উপস্থিত নিৰাপত্তাৰক্ষীয়ে মাওবাদীসকলক আগুৰি ধৰি ১০ জন নক্সালবাদীক হত্যা কৰে । মৃতদেহকেইটা ইতিমধ্যে চিনাক্ত কৰা হৈছে । উল্লেখ্য, এনকাউণ্টাৰটো সংঘটিত হোৱা অঞ্চলটোত ভয়ংকৰ নক্সাল পাপা ৰাওৰ উপস্থিতিৰ খবৰ পোৱা গৈছিল । নিহত লোকসকলৰ পৰিচয়ৰ পিছত এইটো স্পষ্ট হ'ব যে এই নিহতসকলৰ ভিতৰত পাপা ৰাও আছেনে নাই । যদি পাপা ৰাও নিহত নক্সালবাদীসকলৰ মাজত আছে, তেন্তে ই নিৰাপত্তা বাহিনীৰ বাবে এক ডাঙৰ সফলতা হিচাপে প্ৰমাণিত হ'ব । পাপা ৰাও মাওবাদীৰ কেন্দ্ৰীয় সমিতিৰ সদস্য আৰু বস্তাৰৰ প্ৰতিটো ডাঙৰ নক্সাল ঘটনাত জড়িত হৈ আছে বুলি বস্তাৰৰ আইজি পি সুন্দৰৰাজে জানিবলৈ দিয়ে ।

বস্তাৰত মুখ্য নক্সালবিৰোধী অভিযান

২ এপ্ৰিল, ২০২৪ : বিজাপুৰৰ গংগালুৰত অভিযানৰ বাবে ওলোৱা নিৰাপত্তাৰক্ষীয়ে অঞ্চলটোত মাওবাদীৰ এটা বৃহৎ দল থকাৰ তথ্য লাভ কৰে । লগে লগে নিৰাপত্তাৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰি নক্সালবাদীৰ ওপৰত আক্ৰমণ চলায় । এই এনকাউণ্টাৰত ৯ মাওবাদী নিহত হয় । ঘটনাস্থলীৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হয় ।

২৭ মাৰ্চ, ২০২৪ : বিজাপুৰৰ বাচাগুড়াত ছয় মাওবাদী নিহত হয় । নিৰাপত্তাৰক্ষীয়ে অৰণ্যত অভিযানত ওলোৱাৰ সময়ত ইতিমধ্যে তাত অৱস্থান কৰি থকা নক্সালবাদীয়ে তেওঁলোকৰ ওপৰত আক্ৰমণ চলায় । আনহাতে, নিৰাপত্তাৰক্ষীয়েও নক্সালবাদীক উপযুক্ত প্ৰত্যুত্তৰ দিয়াত ৬ নক্সালবাদী নিহত হয় ।

৭ ফেব্ৰুৱাৰী, ২০২৪ : বিজাপুৰত তালাচী অভিযানৰ সময়ত নিৰাপত্তাৰক্ষীয়ে বনাঞ্চলত নক্সালবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰে । নিৰাপত্তাৰক্ষী নক্সালবাদীৰ শিবিৰত উপস্থিত হোৱাৰ সময়তে গুলীবৰ্ষণ আৰম্ভ হয় । জোৱানসকলেও প্ৰচণ্ড গুলীচালনা কৰাত ৪ নক্সালবাদী নিহত হয় ।

২৬ নৱেম্বৰ, ২০২২ : বিজাপুৰত নক্সালবিৰোধী অভিযানত নিৰাপত্তাৰক্ষীয়ে অৰণ্যত নক্সালবাদীক ঘেৰি ধৰে । তাৰ পিচত সংঘটিত এনকাউণ্টাৰত ঘটনাস্থলীতে 4 মাওবাদী নিহত হয় ।

10 Days ago