A part of Indiaonline network empowering local businesses

ছাফ ফুটবল প্রতিযোগিতাৰ ফাইনেলত আজি কুৱেইটৰ বিৰুদ্ধে ভাৰত অৱতীৰ্ণ হ’ব

News

ভাৰত আজি বাংগালুৰুৰ কান্তিৰাৱা ষ্টেডিয়ামত হ’বলগীয়া বংগবন্ধু ছাফ ফুটবল প্রতিযোগিতাৰ ফাইনেলত কুৱেইটৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব। ভাৰতে যোৱা শনিবাৰে অনুষ্ঠিত প্রতিযোগিতাৰ ছেমি ফাইনেলত লেবানকক পেনাল্টী শ্বুট আউটৰ সহায়ত ৪-২ গলৰ ব্যৱধানত পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে কুৱেইটে বাংলাদেশৰ বিৰুদ্ধে ১-০ গ’লত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। উল্লেখযোগ্য যে চলিত প্ৰতিযোগিতাত ভাৰত ইয়াৰ আগেয়েও কুৱেইটৰ মুখামুখি হৈছিল। খেলখন ১-১ গ'লত অমীমাংসিত হৈ ৰৈছিল। (AIR NEWS)

83 Days ago