প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ছিডনীত অষ্ট্ৰেলিয়াৰ শীৰ্ষ মুখ্য কাৰ্যবাহী বিষয়াৰ সৈতে ব্যৱসায়িক ঘূৰণীয়া মেজমেলত মিলিত হয়। প্রধানমন্ত্ৰীগৰাকীয়ে ব্যৱসায় কৰিবলৈ সহজ আৰু অৰ্থনৈতিক বৃদ্ধিৰ বাবে ভাৰত চৰকাৰে ৰূপায়ন কৰা উল্লেখযোগ্য অর্থনৈতিক সংস্কাৰ আৰু পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে। শ্রীমোদীয়ে মুখ্য কার্যবাহী বিষয়াসকলক তেওঁলোকৰ ভাৰতীয় সমকক্ষসকলৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰিবলৈ আহ্বান জনায়। ঘূৰণীয়া মেজমেলৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে অষ্ট্ৰেলিয়াৰ বিষয়াসকলক ডিজিটীয় আন্তঃগাঁথনি, তথ্য প্রযুক্তি, ফিনটেক, অৰ্ধপৰিবাহী, নৱীকৰণযোগ্য শক্তি, শিক্ষা, স্বাস্থ্য সেৱা আৰু কৃষিকে ধৰি বিভিন্ন খণ্ডত ভাৰতে আগবঢ়োৱা বিশাল বিনিয়োগৰ সুযোগসমূহ লবৰ বাবেও আমন্ত্ৰণ জনায়। জাপান, পাপুৱা নিউ গিনি আৰু অষ্ট্ৰেলিয়া ভ্ৰমণৰ সামৰণি মাৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে নতুন দিল্লীলৈ যাত্ৰা আৰম্ভ কৰে। (AIR NEWS)