জনপ্ৰিয় নেপথ্য গায়ক কৃষ্ণকুমাৰ কুন্নাথ- কে কেৰ কালি কলকাতাত এটি অনুষ্ঠান পৰিৱেশনৰ পিছত হঠাতে স্বাস্থ্যৰ অৱনতি ঘটি দেহাৱসান হয়। তেওঁক কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৩ বছৰ। প্ৰসিদ্ধ সংগীত পৰিচালক এ আৰ ৰহমানে প্ৰথমে কে কেক তামিল ছবি কধল দেশমত নেপথ্য গায়ক হিচাপে গোৱাৰ সুযোগ আগবঢ়াইছিল। হিন্দী বোলছবি “হম দিল দে চুকে চনমৰ’’ তপড় তপড় গীতটিৰ জৰিয়তে কে কেই বলিউডত খোজ পেলাই বিশেষভাৱে জনপ্ৰিয় হৈ উঠে। দিল্লীত জন্মগ্ৰহণ কৰা জনপ্ৰিয় গায়কগৰাকীয়ে হিন্দী, তামিল, তেলেগু, কানাড়া, মালায়ালাম, মাৰাটী, বেংগলী, অসমীয়া আৰু গুজৰাটী ভাষাৰো ভালেমান গীতত কন্ঠদান কৰিছিল। সংগীতৰ কোনো আনুষ্ঠানিক শিক্ষা নথকা স্বত্বেও কে কেই সংগীতৰ জগতত নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সমৰ্থ হৈছিল। তেওঁ পত্নী আৰু দুজন পুত্ৰক ইহ সংসাৰত এৰি থৈ গৈছে। উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে প্ৰতিভাশালী গায়কগৰাকীৰ আকস্মিক মৃত্যুত গভাৰ শোক প্ৰকাশ কৰিছে। এটা শোকবাৰ্তাত শ্ৰানাইডুৱে কয় যে, কে কেৰ মৃত্যুৱে সংগীতৰ জগতখনত এটি বৃহৎ শূন্যতাৰ সৃষ্টি কৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতিষ্ঠিত গায়কগৰাকীৰ গীতসমূহে সকলো বয়সৰ লোককে সমানে আকৰ্ষিত কৰি আবেগিকভাৱে আলোড়িত কৰি তুলিছিল। অতি প্ৰতিভাশালী আৰু বহুমুখী গুণসম্পন্ন গায়কগৰাকীৰ আকস্মিক মৃত্যু অতি দুখজনক বুলি প্ৰকাশ কৰি শ্ৰীশ্বাহে কয় যে, ভাৰতীয় সংগীত জগতৰ বাবে এয়া বৃহৎ ক্ষতি। তেওঁৰ অনবদ্য গায়কীৰে জনতাৰ অন্তৰত কে কেই এক বিশেষ স্থান অধিকাৰ কৰিবলৈ সমৰ্থ হৈছিল বুলিও তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে এটি শোকবাৰ্তাত প্ৰকাশ কৰে। (AIR NEWS)