A part of Indiaonline network empowering local businesses

জাকার্টাত উপস্থিত বিদেশ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰ

News

বিদেশ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰে ইণ্ডোনেছিয়া আৰু থাইলেণ্ড ভ্ৰমণৰ অংশ হিচাপে আজি প্রথম পর্যায়ত জাকার্টাত উপস্থিত হৈছে। ড০ জয়শংকৰে আছিয়ানৰ সচিব প্রধান ড০ কাওকিম হৰ্ণৰ সৈতে এখন বৈঠকত মিলিত হয়। তেওঁলোকে ভাৰত আছিয়ানৰ উমৈহতীয়া কৌশলগত অংশীদাৰিত্ব বিকাশৰ সন্দৰ্ভত আলোচনা কৰে। ড০ জয়শংকৰে বিত্ত, চাইবাৰ আৰু সমুদ্রিক বিভিন্ন দিশত ভাৰত আছিয়ানৰ আলোচনা পোষকতা কৰে। তেওঁলোকে অব্যাহত থকা শক্তি, দুর্যোগ ব্যৱস্থাপনা, স্বাস্থ্য আৰু সুস্বাস্থ্যৰ দিশত আলোচনা কৰে। দুয়োগৰাকী নেতাই ভাৰত আছিয়ানৰ দ্বিতীয় পৰ্যায়ৰ চুক্তি সম্প্ৰসাৰণত সম্মতি প্রকাশ কৰে। বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে, আছিয়ানৰ সৈতে আমাৰ সম্পৰ্কই ভাৰত প্রশান্ত মহাসাগৰীয় লক্ষ্যৰ দিশত গতি কৰিছে আৰু আছিয়ানৰ নীতি আদর্শসমূহ মানি চলিবলৈ ভাৰত প্রতিশ্রুতিবদ্ধ। ড০ জয়শংকৰে লগতে ভিয়েটনামৰ বিদেশ মন্ত্রী বুই থন চনৰ সৈতেও আজি এখন বৈঠকত মিলিত হয়। তেওঁলোকে বাণিজ্য আৰু বিনিয়োগ, শক্তি, আকাশীপথৰ যোগাযোগ আৰু সংস্কৃতিক সহযোগিতা সন্দৰ্ভত আলোচনা কৰে। ইয়াৰ উপৰিও তেওঁলোকে আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভতো মত বিনিময় কৰে। ড০ জয়শংকৰে লগতে মালয়েছিয়াৰ বিদেশ মন্ত্ৰী ড০ জাহ্বী আব্দুল কাদিৰকো সাক্ষাৎ কৰে। তেওঁলোকে ভাৰত-মালয়েছিয়াৰ দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰা আৰু আছিয়ানৰ লগতে জড়িত বিষয় সমূহৰ সন্দৰ্ভত মত বিনিময় কৰে। বিদেশ মন্ত্ৰী ড০ জয়শংকৰে লগতে ইন্দোনেছিয়াৰ বিদেশ মন্ত্ৰী বেতনো মাচুঁদি আৰু অষ্ট্ৰলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৱঙৰ সৈতে দ্বিতীয় ভাৰত-অস্ট্রেলিয়া-ইন্দোনেছিয়া ত্রিপাক্ষিক বৈঠকত মিলিত হয়। ড০ জয়শংকৰে কাইলৈ আছিয়ান ইণ্ডিয়া, পূব এছিয় সন্মিলন আৰু আছিয়ানৰ আঞ্চলিক মঞ্চ শীর্ষক বিদেশমন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব। (AIR NEWS)

75 Days ago