জি-২০ সন্মিলনত অংশগ্ৰহণৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন ভাৰতলৈ ৰাওনা হৈছে। হোৱাইট হাউছে কৈছে যে, আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্ব অর্থনীতিক অধিক শক্তিশালী কৰি তোলাৰ বাবে মিত্ৰ দেশ আৰু অংশীদাৰসকলৰ সৈতে কাম কৰিব। হোৱাইট হাউছে লগতে কয় যে, ৰাষ্ট্ৰপতি বাইডেন বিশ্বব্যাপী অর্থনৈতিক পৰিসৰৰ বিষয়ত কাম কৰি যাবলৈ আগ্ৰহী আৰু অৰ্থনৈতিক সহযোগিতাৰ প্ৰধান মঞ্চ হিচাপে জি-টুৱেণ্টীৰ প্ৰতি আমেৰিকাৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰিবলৈ আগ্রহী। (AIR NEWS)