A part of Indiaonline network empowering local businesses

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় লগত ৰাজ্য চৰকাৰৰ বুজাবুজি চুক্তি স্বাক্ষৰ

news

ৰাজ্য চৰকাৰে আজি নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ লগত এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। বিশ্ববিদ্যালয়খনৰ সংস্কৃত আৰু প্ৰাচ্যবিদ্যা অধ্যয়ন প্ৰতিষ্ঠানত এই বুজাবুজিৰ অধীনত শ্ৰীমন্ত শংকৰদেৱ আসন প্রতিষ্ঠা কৰা হ'ব। আজি সন্ধিয়া ৬ বজাত গুৱাহাটীৰ নেডফি হাউছত আয়োজিত এখন সভাত এই চুক্তি স্বাক্ষৰিত হৈছে। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভক্তি আন্দোলনৰ চৰ্চা আৰু গৱেষণা, সাম্প্রতিক ভাৰতীয় সমাজ ব্যৱস্থাত মহাপুৰুষগৰাকীৰ প্ৰাসংগিকতা আৰু ভক্তি আন্দোলনৰ অধ্যয়ন আদি দিশসমূহত গুৰুত্ব প্ৰদান কৰি এই আসন প্ৰতিষ্ঠাৰ প্ৰয়াস কৰা হৈছে। (AIR NEWS)

9 Days ago