A part of Indiaonline network empowering local businesses

ডবা বিশ্বকাপ প্রতিযোগিতাত নৰৱেৰ মেগনাছ কালছেনৰ খিতাপ অৰ্জন

News

আজাৰবাইজানৰ বাকোত অনুষ্ঠিত ডবা বিশ্বকাপ প্রতিযোগিতাত নৰৱেৰ মেগনাছ কালছেনে ভাৰতৰ আৰ প্রজ্ঞানানন্দক টাই ব্ৰেকাৰত হৰুৱাই বিজয়ীৰ খিতাপ অৰ্জন কৰে। আজি সন্ধিয়া অনুষ্ঠিত ফাইনেলত প্ৰাগননন্ধাৰ বিৰুদ্ধে দ্বিতীয়টো টাই ব্ৰেকাৰত ড্র' হোৱাৰ ফলত কালছেনে এই খিতাপ জয় কৰে। ফাইনেলত কালছেনে ১ দশমিক ৫ আৰু প্ৰজ্ঞানানন্দই দশমিক ৫ পইণ্ট লাভ কৰে।
ডবা বিশ্বকাপৰ ফাইনেলত বিফল হোৱাৰ পাছতো চেন্নাইৰ কিশোৰগৰাকীৰ বাবে এই প্রতিযোগিতা অতি আনন্দদায়ক হিচাপে প্রতিপন্ন হয়, কাৰণ তেওঁ পৰৱৰ্তী বিশ্ব ডবা চেম্পিয়নশ্বিপত বিশ্ব চেম্পিয়ন ডিং লাইৰেনৰ প্রতিদ্বন্দ্বী নিৰ্বাচিত কৰিবৰ বাবে অনুষ্ঠিত কেনডিডেই প্রতিযোগিতাত খেলাৰ যোগ্যতা অর্জন কৰে। বিশ্বকাপৰ সময়ত ১৮ বছৰত ভৰি দিয়া প্ৰাগ হৈছে ডবা বিশ্বকাপ ফাইনেলৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ। ক্রীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে প্ৰজ্ঞানানন্দলৈ ডবা বিশ্বকাপত সুন্দৰ যাত্ৰাৰ বাবে শুভেচ্ছা জনায়। (AIR NEWS)

32 Days ago