প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা ডি আৰ ডি অই কালি হ্ৰস্ব দূৰত্বৰ বায়ু প্ৰতিৰক্ষা প্ৰণালী ক্ষেপণাস্ত্ৰৰ দুটা পৰীক্ষা সফলতাৰে সম্পন্ন কৰে। ওড়িশাৰ ছাণ্ডিপুৰৰ সংহত পৰীক্ষণ স্থলীত এই পৰীক্ষা সম্পন্ন কৰা হয় ৷ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে কৈছে পৰীক্ষণ কালত ক্ষেপণাস্ত্ৰবিধে অভিযানৰ উদ্দেশ্য পূৰণ কৰি লক্ষ্যত নিখুঁত ভাবে আঘাত হানে। এই ক্ষেপণাস্ত্রবিধ কম উচ্চতাৰ আকাশী পথেৰে অহা ভাবুকি হ্রস্বদূৰত্বত নিস্ক্ৰিয় কৰিবলৈ সমৰ্থ । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ক্ষেপণাস্ত্র বিধৰ সফল পৰীক্ষণৰ বাবে ডি আৰ ডি অ' আৰু উদ্যোগ সহযোগীসকলক প্ৰশংসা কৰি কৈছে যে নতুন প্রযুক্তিৰে সুসজ্জিত এই ক্ষেপণাস্ত্ৰবিধে সশস্ত্র বাহিনীসমূহক কাৰিকৰী দিশৰ পৰা অধিক শক্তিশালী কৰি তুলিব। (AIR NEWS)