A part of Indiaonline network empowering local businesses

ডেৰাডুন-দিল্লীৰ মাজত চলিবলগীয়া বন্দে ভাৰত এক্সপ্ৰেছৰ যাত্ৰাৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ

News

রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে উত্তৰাখণ্ডৰ ডেৰাডুন আৰু দিল্লীৰ মাজত চলাচল কৰিবলগীয়া বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লগাড়ীখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। এইখন উত্তৰাখণ্ডৰ প্ৰথমখন বন্দে ভাৰত ৰে'লগাড়ী। ৰে'লগাড়ীখনে উত্তৰাখণ্ডলৈ যোৱা পৰ্যটকসকলৰ বাবে আৰামদায়ক যাত্ৰাৰ এটা নতুন যুগৰ সুচনা কৰিব। থলুৱাভাৱে নিৰ্মাণ কৰা এই ৰে'লগাড়ীখন কৱচ প্রযুক্তিসহ সুৰক্ষাৰ উন্নত বৈশিষ্ট্যৰে সুসজ্জিত। ভাৰতীয় ৰে'লৱেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিকা ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ লক্ষ্যৰে অনুপ্ৰাণিত হৈ সকলো ৰে'লপথত বৈদ্যুতিকীকৰণৰ কাম হাতত লৈছে। ইয়াৰে অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে বৈদ্যুতিকীকৰণৰ কাম সম্পূৰ্ণ কৰা উত্তৰাখণ্ডৰ নতুন পথছোৱাও মুকলি কৰে। (AIR NEWS)

15 Days ago