তামিলনাডুত আজি নিচেই পুৱাতে সংঘটিত এটা অঘটনৰ ফলত বিদ্যুৎস্পৃষ্ট হৈ দুটি শিশুকে ধৰি ১১ জন লোক মৃত্যুমুখত পৰে। তামিলনাডুৰ থাঞ্জাভুৰ জিলাৰ কালিমেডুত উলিওৱা এটা ৰথযাত্ৰাত অংশগ্ৰহণ কৰা আপ্পাৰ মন্দিৰৰ এখন বাহন উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ অহাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। এই ঘটনাত আন ১৫ জন লোক আহত হয়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ থাঞ্জাভুৰত সংঘটিত শোকাৱহ ঘটনাটোক লৈ গভীৰ শোক ব্যক্ত কৰাৰ লগতে দুৰ্ভগীয়া পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰিছে। দুৰ্ঘটনাটোত আহত লোকসকলৰ আশুআৰোগ্য কামনা কৰি তেওঁ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা মৃত লোকসকলৰ নিকটাত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকলৰ বাবে ৫০ হাজাৰ টকাকৈ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। (AIRNEWS)