Best for small must for all

তিনিচুকীয়াত তেল পৰিবাহী পাইপৰ পৰা তেল নিৰ্গমণ, আতংকময় পৰিৱেশ

News

গুৱাহাটী: তিনিচুকীয়াৰ মাকুমৰ বেতজান জংঘল লাইনত তৈল পাইপ ফুটি অহৰহ তেল নিৰ্গমন। তেল পাইপ ফুটাৰ ফলত তেলেৰে ভৰি পৰিছে সেই অঞ্চলৰ নলা নৰ্দমা।

প্ৰাপ্ত তথ্য অনুসৰি কোনো দুষ্কৃতিকাৰীয়ে নিশা তেল পৰিবাহী পাইপ ফুটা কৰি তেল চুৰি কৰাৰ ফলতে এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। বাৰেকুৰিৰ পৰা মাকুম অ চি এছ লৈ তৈল সৰবৰাহ হোৱা পাইপত এই ঘটনা সংঘটিত হৈছে। 

উল্লেখযোগ্য যে বাঘজানত তৈল খাদ এটাত অহৰহ তেল আৰু গেছ নিৰ্গত হৈ থকাৰ ফলত ভয়ংকৰ অগ্নিকাণ্ডৰ সুত্ৰপাত হৈছিল। যি জুই এতিয়াও নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই। ইয়াৰ ফলত সমগ্ৰ অঞ্চলত তীব্ৰ আতংকময় পৰিৱেশে বিৰাজ কৰিছে। সামান্য ফিৰিঙতি পৰিলেও সৃষ্টি হ’ব পাৰে ভয়ংকৰ অগ্নিকাণ্ড।

অইল ইণ্ডিয়াৰ এনে পাইপ লাইন সমূহৰ নিৰাপত্তা সু-নিশ্চিত কৰিবলৈ আহ্বান স্থানীয় ৰাইজে।  (INDIAONLINE)

333 Days ago
Advertise Here