A part of Indiaonline network empowering local businesses

তুৰস্ক-ছিৰিয়াত ভুঁইকঁপৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৭ হাজাৰ অতিক্ৰম

News

তুৰস্ক আৰু ছিৰিয়াত অহা বিধ্বংসী ভুঁইকপৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৭ হাজাৰৰো অধিক হৈছে। তুৰস্কৰ ৰাষ্ট্ৰপতি ৰিছেপ তইপ এর্দোগানে সোমবাৰৰ বিধ্বংসী ভূঁইকঁপৰ ফলত দেশখনত কমেও ১৪ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে বুলি প্ৰকাশ কৰিছে। উদ্ধাৰকাৰীদল আৰু সংস্থাসমূহে ধ্বংসস্তুপৰ মাজত এতিয়া ভালেমান লোক আবদ্ধ হৈ থকালৈ চাই হতাহতৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা প্রকাশ কৰিছে। দেশখনৰ বিপৰ্যয় সংস্থাই কৈছে যে কাহ্রামানমাৰাছৰ প্ৰভাৱিত এলেকাৰ পৰা ২৮ হাজাৰৰো অধিক লোকক নিৰাপদ ঠাইলৈ আঁতৰাই অনা হৈছে। (AIR NEWS)

51 Days ago