A part of Indiaonline network empowering local businesses

তুৰস্ক-ছিৰিয়াত মৃতকৰ সংখ্যা ৪১ হাজাৰ অতিক্ৰম

News

তুৰস্ক আৰু ছিৰিয়াত ভূঁইকঁপৰ ফলত হোৱা মৃত্যুৰ সংখ্যাই ৪১ হাজাৰ অতিক্ৰম কৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি দুয়োখন দেশত হোৱা ধ্বংসৰ ফলত গৃহহীন হোৱা বহু লোকে অতিমাত্রা শীত সহ্য কৰিবলগীয়া হৈছে। ভূঁইকঁপৰ ফলত অঞ্চলটোৰ বহুতো অনাময় ব্যৱস্থাৰ আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হোৱাৰ ফলত এই ভূঁইকঁপৰ পৰা ৰক্ষা পৰা লোকসকলৰ স্বাস্থ্যৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। স্বাস্থ্য কৰ্তৃপক্ষই জনসাধাৰণ ৰোগমুক্ত হৈ থকাটো নিশ্চিত কৰাৰ বাবে এক কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে। তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেছপ টয়ইপ এৰ্ডোৱানে কয় যে ধবংস হোৱা হাজাৰ হাজাৰ অট্টালিকাৰ ক্ষতিৰ মূল্যায়ণ এসপ্তাহৰ ভিতৰত সম্পূৰ্ণ হ'ব আৰু কেইমাহমানৰ ভিতৰত পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব। বিশ্ব স্বাস্থ্য সংস্থাই কালি কয় যে তেওঁলোক বিদ্ৰোহীৰ কৱলত থকা ছিৰিয়াৰ উত্তৰ-পশ্চিম অঞ্চলৰ জনসাধাৰণৰ বাবে বিশেষকৈ চিন্তিত হৈছে, যিহেতু অঞ্চলটোত সাহায্য প্ৰদানৰ সুবিধা অতি কম। তেওঁলোকে ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল আচ্চাদক সাহায্য সামগ্ৰী পৰিবহণৰ বাবে আৰু অধিক সীমান্ত পাৰ হোৱা স্থান মুকলি কৰি দিবলৈ কয়। স্থানীয় সংবাদ মাধ্যমে জনায় যে গৃহযুদ্ধৰ বাবে ছিৰিয়াত সীমান্তৰ সিপাৰে সাহায্য প্ৰদান প্ৰচেষ্টাত বাধাৰ সৃষ্টি হৈছে। (AIR NEWS)

44 Days ago