A part of Indiaonline network empowering local businesses

তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি সামৰণি

news

ৰাজ্যৰ ১০খন জিলাত চলি থকা গুণোৎসৱৰ আজি সামৰণি পৰে। দৰং জিলাত তৃতীয় পৰ্যায়ত চলি থকা ২০২৪ বৰ্ষৰ গুণোৎসৱৰ আজি সামৰণিৰ দিনা ৩৬৯খন বিদ্যালয়ৰ ৪০ হাজাৰ ৬০০ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ বিদ্যায়তনিক মান বহিঃমূল্যায়নকাৰীয়ে নিৰূপণ কৰে। ইয়াৰ পূৰ্বে কালি গুণোৎসৱত ৩৮২খন বিদ্যালয়ৰ মুঠ ৪৬ হাজাৰ ৪৮১ গৰাকী ছাত্ৰ- ছাত্ৰীক সামৰি লোৱা হয়। সেইদৰে প্ৰথম দিনা ৪০২খন বিদ্যালয়ৰ ৪২ হাজাৰ ৫৬৭ গৰাকী ছাত্ৰ-ছাত্ৰীক সামৰি লয়। পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰি, চিনথং, ৰংখাং আৰু চচেঙক লৈ ৪টা শিক্ষা ক্ষেত্ৰক সামৰি মুঠ ৬৮০খন শিক্ষানুষ্ঠানৰ শৈক্ষিক মান বহিঃমূল্যায়কৰ দ্বাৰা মূল্যায়ন কৰা হয়। সেইদৰে গুণোৎসৱৰ বহিঃমূল্যায়নৰ আজি তৃতীয় তথা অন্তিম দিনা মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই মৰিগাঁও উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, বৰ্ভগীয়া বালিকা প্রাথমিক বিদ্যালয়, কাছধৰা প্ৰাথমিক বিদ্যালয় আৰু মাছখোৱা প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা বিভিন্ন অনুষ্ঠান উপভোগ কৰে। তেওঁ লগতে বিদ্যালয়সমূহৰ শৈক্ষিক বাতাবৰণ আৰু আন্তঃগাঁথনিৰো বুজ লয়। (AIR NEWS)

20 Days ago