आपकी जीत में ही हमारी जीत है
Promote your Business

দখলকাৰীৰ কবলত ৰাজ্যৰ মুঠ ৬৩ লাখ বিঘা মাটি

news

গুৱাহাটী: দখলকাৰীৰ কবলত আছে ৰাজ্যৰ মুঠ ৬৩ লাখ বিঘা মাটি৷ আনকি ৰাজ্যৰ সত্রসমূহৰো প্রায় ৮ হাজাৰ বিঘা মাটি অবৈধভাৱে দখল কৰিছে একাংশ লোকে৷ অবৈধভাৱে দখলীকৃত এই বৃহৎ ভূমিত বাস কৰি আছে সন্দেহযুক্ত নাগৰিকে৷ 

প্ৰাপ্ত তথ্য অনুসৰি নামনি অসমৰ জিলাকেইখনৰ লগতে মধ্য অসমৰ নগাঁও, মৰিগাঁও আৰু শোণিতপুৰ জিলাৰ বৃহৎ পৰিমাণৰ চৰকাৰী ভূমি বেদখল হৈছে৷ আনহাতে পাহাৰ, বিল, গেজিং, বনভূমি, ট্রাইবেল ব্লক এণ্ড বেল্টৰ উপৰি সত্রৰ ভূমিও দখল হৈ আছে৷ উল্লেখযোগ্য যে ৩১খন সত্রৰ প্রায় ৮ হাজাৰ বিঘা মাটি দখল হৈ আছে৷

চৰকাৰী তথ্য অনুসৰি অৰুণাচল প্রদেশে ৫,৭৫৬ হেক্টৰ, নগালেণ্ডে ১৯,৮১৯ হেক্টৰ আৰু মেঘালয়ে ৬৫.৬২ হেক্টৰ অসমৰ ভূমি দখল কৰি আছে৷ বিধানসভা নির্বাচনলৈ মাত্র কেইটামান মাহ বাকী থকাৰ সময়তে ৰাজ্য চৰকাৰখনে চৰকাৰী ভূমিৰ বিস্তৃত জৰীপ কৰিবলৈ জিলাৰ উপায়ুক্তসকলক নির্দেশ দিয়াক লৈ প্রতিক্রিয়া ব্যক্ত কৰিছে সদৌ অসম ছাত্র সন্থা, অসম সত্র মহাসভা আৰু প্রব্রজন-বিৰোধী মঞ্চৰ দৰে সংগঠনে৷ দখল হৈ থকা ভূমি উদ্ধাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে ৰাজ্যৰ বিভিন্ন সংগঠনে৷ (INDIAONLINE)

38 Days ago

Download Our Free App

Advertise Here