आपकी जीत में ही हमारी जीत है
Promote your Business

দিল্লীৰ হিংসা প্ৰভাৱিত এলেকাসমূহৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে-শ্বাহ

News

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি কৈছে যে ৰাষ্ট্ৰীয় ৰাজধানীৰ প্ৰভাৱিতএলেকাসমূহত পৰ্যাপ্ত বাহিনী নিয়োগ কৰা হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণত আছে।শ্ৰীশ্বাহেৰ অধ্যক্ষতাত নাগৰিকত্ব সংশোধনী আইনক লৈ উত্তৰ পূব দিল্লীত সংঘটিতহিংসাত্মক ঘটনাৰ পাছত দিল্লীৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে এখনবৈঠক অনুষ্ঠিত হয়। বৈঠকত দিল্লীৰ উপ-ৰাজ্যপাল অনিল বেইজাল, মুখ্যমন্ত্ৰী অৰবিন্দকেজৰিৱাল, জ্যেষ্ঠ বিষয়া আৰু বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলে ভাগ লয়।শ্ৰীশ্বাহে ৰাজনৈতিক দলসমূহক সংযম ৰখাৰ লগতে দলীয় স্বাৰ্থৰ উৰ্দ্ধত গৈ এইপৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে উৰা বাতৰিৰ প্ৰচাৰ কৰাৰ পৰাসকলোকে বিৰত থকাৰ আহ্বান জনায় আৰু কয় যে এই উৰা বাতৰিসমূহৰ লগতে জনসাধাৰণৰ মাজৰশংকা আঁতৰোৱাৰ বাবে ৰাজনৈতিক দলসমূহে আৰক্ষীক সহযোগ কৰা উচিত। তেওঁ দিল্লী আৰক্ষীৰওপৰত সম্পূৰ্ণ আস্থা আছে বুলি প্ৰকাশ কৰিছে আৰু কৈছে যে পৰিস্থিতি নিয়ন্ত্ৰণত অনাৰবাবে বাহিনীটোৱে সম্ভাৱ্য সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। বৈঠকৰ পাছত সাংবাদিকৰ সৈতেহোৱা কথাবতৰাত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গৃহমন্ত্ৰীৰ সৈতে হোৱা বৈঠকতইতিবাচক বুলি উল্লেখ কৰি কয় যে, দিল্লীত পুনৰ শান্তি স্থাপনৰ বাবে সকলো দলেপ্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।


 
  (AIR NEWS)

32 Days ago

Download Our Free App