A part of Indiaonline network empowering local businesses

দেশত কোৱিডৰ পৰা আৰোগ্যৰ হাৰ ৯৮.৭১ শতাংশ

news

দেশত শেহতীয়াকৈ ২৪ ঘণ্টাত ৪,২০০ৰো অধিক লোকৰ দেহত কোৱিডৰ সংক্ৰমণ ধৰা পৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে জনোৱা মতে একেসময়তে ৬ হাজাৰৰো অধিক লোকে কোৱিডৰ পৰা আৰোগ্য লাভ কৰিছে। মন্ত্ৰ্যালয়ে কৈছে যে দেশত বৰ্তমান ৪৭,২৪৬ গৰাকী সক্রিয় কোৱিড ৰোগী আছে আৰু সম্প্ৰতি আৰোগ্যৰ হাৰ ৯৮.৭১ শতাংশ। মন্ত্ৰ্যালয়ে প্রকাশ কৰা অনুসৰি দেশত বৰ্তমানলৈকে কোডি প্রতিষেধকৰ ২২০ কোটি ৬৬ লাখৰো অধিক পালি প্ৰদান কৰা হৈছে। (AIR NEWS)

27 Days ago