A part of Indiaonline network empowering local businesses

দেশত বিগত ২৪ ঘণ্টাত ২৬৮ জন কোভিড আক্রান্ত চিনাক্ত

news

দেশত যোৱা ২৪ ঘণ্টাত ২৬৮ জন কোভিড আক্রান্ত চিনাক্ত কৰা হৈছে। ইয়াৰ বিপৰীতে এই সময়ছোৱাত ১৮২ জন লোকে কোভিডৰ পৰা আৰোগ্য লাভ কৰিছে। সেই অনুসাৰে দেশত সম্প্ৰতি কোভিডৰ পৰা আৰোগ্যৰ হাৰ ৯৮.৮ শতাংশ হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি বৰ্তমান দেশত ৩ হাজাৰ ৫৫২ জন চিকিৎসাধীন কোৱিড ৰোগী আছে। মন্ত্র্যালয়ে কৈছে যে বিগত ২৪ ঘণ্টাত ৰাষ্ট্ৰজোৰা কোভিড প্ৰতিষেধক প্ৰদান অভিযানৰ অধীনত ৯৯ হাজাৰৰো অধিক পালি প্ৰদান কৰা হয়। ইয়াকে লৈ দেশত বৰ্তমানলৈকে প্ৰদান কৰা প্ৰতিষেধকৰ পালি ২২০ কোটিৰে অধিক হৈছে। (AIR NEWS)

342 Days ago