A part of Indiaonline network empowering local businesses

দেশৰ ২০০ খন জিলাত দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰ্যালয়ৰ প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় নিযুক্তি মেলা আয়

News

সমগ্ৰ দেশৰ ২০০ খন জিলাত আজি দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰ্যালয়ে প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় নিযুক্তি মেলা আয়োজন কৰিছে। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা এটা বিবৃতি অনুসৰি এই নিযুক্তি মেলাৰ অংশ হিচাপে ভালেমান স্থানীয় ব্যৱসায়ী আৰু সংগঠনক যুৱক-যুৱতীসকলক প্ৰয়োজনীয়া প্রাসংগিক উদ্যম সম্পর্কে প্রশিক্ষণ তথা সুবিধা আগবঢ়োৱাৰ উদ্দেশ্যে আমন্ত্ৰণ জনোৱা হৈছে। বিভিন্ন খণ্ডৰ কেইবাটাও কোম্পানীয়েও এই অনুষ্ঠানসমূহত অংশগ্রহণ কৰিব। এনে এখন মঞ্চৰ জৰিয়তে অংশগ্ৰহণকাৰী সংগঠনসমূহে সম্ভাৱনা সম্পন্ন উদ্যমীসকলক তেওঁলোকৰ যোগ্যতা অনুসৰি ঠাইতে বাচনি কৰিব পাৰিব। লগতে যুৱক-যুৱতীসকলক জীৱিকা নিৰ্বাহৰ বিভিন্ন দিশ সম্পৰ্কে অৱগত কৰি তেওঁলোকৰ মনোবল বৃদ্ধি কৰিব পাৰিব। আগ্রহী লোকসকলে এই মেলাত অংশগ্ৰহণৰ বাবে www.apprenticeshipindia.gov.in ৱেবচাইটত নাম পঞ্জীয়ন কৰাৰ লগতে নিকটতম স্থানৰ মেলাৰ বিষয়ে অৱগত হব পাৰিব। পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্রেণী উত্তীৰ্ণ লোক, দক্ষতা বিকাশ প্রশিক্ষণৰ প্ৰমাণপত্ৰ লাভ কৰোতা, আই টি আই চার্টিফিকেট নাইবা ডিপ্লমাধাৰী আৰু স্নাতক লোকসকলে এই মেলাত অংশগ্ৰহণৰ বাবে আবেদন কৰিব পাৰিব। দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ সচিব অতুল কুমাৰ তিৱাৰীয়ে ভাৰতীয় যুৱক-যুৱতীসকলৰ বাবে এই নিযুক্তি মেলাই উদ্যোগসমূহৰ সৈতে নিজকে জড়িত কৰা আৰু প্ৰয়োজনীয় প্ৰশিক্ষণ গ্রহণ কৰাৰ বাবে সুৱৰ্ণ সুযোগ আগবঢ়াই বুলি মত প্ৰকাশ কৰে। প্ৰতিমাহৰ দ্বিতীয়টো সোমবাৰে সমগ্ৰ দেশতে নিযুক্তি মেলা অনুষ্ঠিত হয়। প্রশিক্ষার্থীসকলক চৰকাৰৰ নিৰ্দিষ্ট নিয়ম অনুযায়ী নতুন দক্ষতা আহৰণৰ বাবে এটা পাৰিতোষিক প্ৰদান কৰা হয়। (AIR NEWS)

19 Days ago