आपकी जीत में ही हमारी जीत है
Promote your Business

দ্বিপাক্ষিত সম্পৰ্কক সৰ্বাত্মক গোলকীয় অংশীদাৰিত্বৰ পৰ্যায়লৈ লৈ যোৱাৰ সিদ্ধান্ত ভাৰত-আমেৰিকাৰ

News

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ উভয়েদুয়ো দেশৰ মাজৰ দ্বিপাক্ষিত সম্পৰ্কক সৰ্বাত্মক গোলকীয় অংশীদাৰিত্বৰ পৰ্যায়লৈ লৈযোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ কয় যে, দুয়োদেশৰ জনসাধাৰণৰ মাজৰ যোগাযোগেই এইবিশেষ সম্পৰ্কৰ মূল ভেটি। নতুন দিল্লীত আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ হোৱা বিস্তৃত আলোচনাৰ অন্তত এখন যুটীয়া সংবাদমেলক সম্বোধনকৰি প্ৰধানমন্ত্ৰীযে কয় যে, প্ৰতিৰক্ষা খণ্ডৰ সহযোগিতাৰ পৰা দুয়ো দেশৰ মাজৰ বৰ্ধিতকৌশলগত সহযোগিতাৰ উমান পাব পাৰি। শ্ৰীমোদীয়ে কয় যে, দুয়োখন দেশে নিচাজাতীয় দ্ৰব্যৰঅবৈধ সৰবৰাহ ৰোধ কৰাৰ উদ্দেশ্যে এটা নতুন ব্যৱস্থা গঢ়ি তুলিবলৈ সন্মতি প্ৰকাশকৰিছে। উভয় দেশে সন্ত্ৰাসবাদৰ সমৰ্থকসকলক জবাবদিহি কৰি তোলাৰ উদ্দেশ্যে প্ৰচেষ্টাতীব্ৰতৰ কৰি তুলিবলৈও সন্মতি প্ৰকাশ কৰিছে বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে।প্ৰধানমন্ত্ৰীয়ে কয় যে, দুয়োদেশৰ মাজৰ কৌশলগত শক্তি সহযোগিতা ক্ৰমান্বয়ে শক্তিশালীহৈ উঠিছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ভাৰতৰ বাবে তেল আৰু গেছৰ গুৰুত্বপূৰ্ণ উৎস হৈপৰিছে। তেওঁ লগতে কয় যে, দ্বিপাক্ষিক বাণিজ্যৰ বিকাশ হাৰে দুটা অংকৰ ঘৰ স্পৰ্শকৰিছে আৰু বিগত তিনি বছৰত দুয়োদেশৰ মাজৰ বাণিজ্য অধিক সন্তুলিত হৈ পৰিছে। আনহাতে,ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ ভাষণত কয় যে, ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ নিজ দেশৰনাগৰিকসকলক মৌলবাদী ইছলামিয় সন্তাসবাদৰ পৰা ৰক্ষা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয়যে, দুয়োখন দেশে তিনিশ কোটি ডলাৰৰ সামৰিক সা-সজুলি চুক্তিৰে প্ৰতিৰক্ষা সহযোগিতাএটা নতুন পৰ্যায়লৈ সম্প্ৰসাৰিত কৰিছে। তেওঁ লগতে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰইভাৰতবৰ্ষলৈ কৰা ৰপ্তানীৰ পৰিমান প্ৰায় ৬০ শতাংশ উচ্চ মানৰ আমেৰিকীয় শক্তিৰ ৰপ্তানী৫০০ শতাংশ বৃদ্ধি পাইছে। দুয়োখন দেশে অঞ্চলটোৰ বুনিয়াদী সা-সুবিধা আৰু উন্নয়নপ্ৰকল্পসমূহৰ বাবে এটা ব্লু ডট নেটৱৰ্ক বিকশাই তোলাৰ উদ্দেশ্যে কাম কৰি আছে বুলিশ্ৰীট্ৰাম্পে প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি ট্ৰাম্পে আমেৰিকা যুক্তৰাষ্ট্ৰৰআন্তঃৰাষ্ট্ৰীয় উন্নয়ন নিগমে ভাৰতবৰ্ষত এটা স্থায়ী শাখা মুকলি কৰাৰ কথা ঘোষণা কৰে।তেওঁ লগতে উন্নয়ন প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ বাবে ভাৰতৰ সৈতে কাম কৰিবলৈ আমেৰিকাযুক্তৰাষ্ট্ৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে। ভাৰতে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰসৈতে কেইবাখনো চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰে ভিতৰত মানসিক স্বাস্থ্য তথা চিকিৎসাসামগ্ৰীৰ সুৰক্ষা বিষয়ক বুজাবুজিৰ চুক্তি আৰু তৰলীকৃত প্ৰাকৃতিক গেছৰ ৰপ্তানীৰবাবে ভাৰতীয় তেল নিগম আৰু এক্সন মোবিলৰ মাজত চুক্তি অন্যতম। ২৪ খন ৰোমিঅ’ হেলিকপ্তাৰ ক্ৰয়ৰ প্ৰস্তাৱো চূড়ান্ত কৰা হৈছে। ইয়াৰ আগেয়ে অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীকআজি পুৱা ৰাষ্ট্ৰপতি ভৱনৰ প্ৰাঙ্গনত আনুষ্ঠানিকভাৱে অভ্যৰ্থনা জনোৱা হয়। (AIR NEWS)

32 Days ago

Download Our Free App