দৰং জিলাৰ বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যক্ৰমৰ উদ্যোগত সমগ্ৰ বিশ্বৰ লগতে জিলাখনতো মেলেৰীয়া নিৰ্মূলকৰণৰ কাৰণে দিনযোৰা কাৰ্যসূচীৰে মেলেৰীয়া দিৱস পালন কৰা হয়। অনুষ্ঠানৰ সৈতে সংগতিৰ ৰাখি ৰঙামাটি পাব্লিক হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে এটা বিশাল সজাগতা ৰেলী উলিয়ায়। ইয়াৰ পাছত মঙলদৈ ইউথ ক্লাবৰ সভাগৃহত এখন সভা অনুষ্ঠিত কৰা হয়। সভাত দৰং জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক, জিলাৰ মেলেৰীয়া বিষয়াসহ ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। জিলাখনৰ খাৰুপেটীয়া, চিপাঝাৰ, জলজলী আৰু পথৰুঘাট ব্লকৰ উদ্যোগতো মেলেৰীয়া দিৱস পালন কৰা হয়। ধেমাজি জিলাতো মাইকী এনাফেলিছ মহৰ দ্বাৰা বিয়পা এই বেমাৰৰ বিৰুদ্ধে সজাগতা অভিযান চলোৱা হৈছে। বিগত দুটা বছৰত জিলাখনত এজনো মেলেৰীয়া আক্রান্ত ৰোগী চিনাক্ত কৰা হোৱা নাই। সেই অনুযায়ী ২০২৩ বৰ্ষত জিলাখন সম্পূর্ণ মেলেৰীয়ামুক্ত জিলা ঘোষিত হোৱাৰ দিশত অগ্ৰসৰ হৈছে। বিগত বৰ্ষত জিলাখনত ১ হাজাৰ ১৩১খন সজাগতা সভা অনুষ্ঠিত কৰাৰ বিপৰীতে প্ৰায় ৩০হাজাৰখন ঔষধীকৰণ কৰা আঠুৱা বিতৰণ কৰা হৈছে। প্ৰাদুৰ্ভাৱৰ সম্ভাৱনা থকা এলেকাত ফোমিং কৰা হৈছিল। ২০২২ বৰ্ষত জিলাখনত ৫ গৰাকী মেলেৰীয়া ৰোগী চিনাক্ত কৰা হৈছিল যদিও আটাইকেইগৰাকী বহিং জিলাৰ পৰা আক্ৰান্ত হৈ আহিছিল। আজি ধেমাজিৰ পাচটা ব্লকৰ ৯৮ চাবচেণ্টাৰত এই সংক্রান্তীয় সজাগতা সভা অনুষ্ঠিত কৰা হয় । (AIR NEWS)