Best for small must for all

দৰঙত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিত দুৰ্নীতি

news

গুৱাহাটী: ৰাজ্যজুৰি এতিয়া প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিক লৈ ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে। দৰং জিলাতো এই আঁচনিত সংঘটিত হৈছে ব্যাপক কেলেংকাৰী। 

স্বামী চৰকাৰী চাকৰিয়াল হোৱাৰ পিছতো ছিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যাই প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ ধন লাভ কৰা বুলি অভিযোগ উত্থাপিত হৈছে। ইয়াৰ লগতে পঞ্চায়ত সদস্যাৰ আত্মীয়য়ো হিতাধিকাৰীৰ তালিকাত স্থান পোৱা বুলি জানিব পৰা গৈছে। এই অভিযোগ উত্থাপন কৰিছে পঞ্চায়তৰ অন্তৰ্গত গাঁওখনৰ একাংশ কৃষকে। 

ইতিমধ্যে কৃষি মন্ত্ৰী অতুল বৰাই এই কেলেংকাৰীৰ তদন্ত ঘোষণা কৰাৰ লগতে দুৰ্নীতিত জড়িত কোনো সাৰি যাব নোৱাৰিব বুলি মন্তব্য কৰিছে। কালি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও পুনৰ দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰৰ শূন্য সহনশীলতাৰ কথা দোহাৰি এই কেলেংকাৰীত জড়িত কোনো সাৰি যাব নোৱাৰিব বুলি মন্তব্য প্ৰকাশ কৰে।  (INDIAONLINE)

284 Days ago

Download Our Free App

Advertise Here