आपकी जीत में ही हमारी जीत है
Promote your Business

ধুবুৰীৰ পৰা ভাৰত-বাংলাদেশ সংযোগী বাণিজ্যিক কাৰ্গো সেৱা মুকলি

news

গুৱাহাটী: ভাৰত বাংলাদেশ সংযোগী যাতায়ত সেৱা মুকলি হ’ল। চলিত মাহৰ ২৬ তাৰিখে বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ডঃ তনবীৰ মনচুৰে দুয়োখন দেশৰ মাজত বাণিজ্যিক কাৰ্গো সেৱা মুকলি কৰে।   

এই সেৱা মুকলি কৰি মনচুৰে কয়- “এই নতুন কাৰ্গো সেৱাৰ জৰিয়তে দুয়োখন দেশৰ মাজত অৰ্থনৈতিক,  অনুকূল ভাতৃসদৃশ পৰিৱেশ আৰু যাতায়ত ব্যৱস্থা সুচল কৰাত যথেষ্ট পৰিমাণে সহায় কৰিব।” 

উল্লেখ্যযোগ্য যে এম ভি সাগৰ এক্সপ্ৰেছ আৰু এম ভি আলৱাহাৰ নামৰ দুখন নাৱৰ সহায়েৰে ভূটানৰ পৰা ২৫০ টন ভঙা শিলৰ টুকুৰা ৰপ্তানি কৰা হৈছে। এই ভঙা শিলৰ টুকুৰাসমূহ ৪-৫ দিনৰ ভিতৰত বাংলাদেশ পাব বুলি আশা কৰা হৈছে। 

ভাৰত চৰকাৰে ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত ৮৯১ কি:মি: দৈৰ্ঘৰ ৰাষ্ট্ৰীয় জলমাৰ্গ ২ উন্নীত কৰিছে। এই পথে উজনি অসমৰ শদিয়াৰ পৰা বাংলাদেশ সীমান্তৰ নিকটৱৰ্তী ধুবুৰীৰ পৰা বাংলাদেশ সংযোগ কৰিব।   (INDIA ONLINE)

93 Days ago

Download Our Free App