आपकी जीत में ही हमारी जीत है
Promote your Business

ধুমুহাত ক্ষতিগ্ৰস্ত পশ্চিমবংগলৈ কেন্দ্ৰৰ এহেজাৰ কোটি টকাৰ সাহায্য

News

অম্ফন নামৰ ঘূৰ্ণি বতাহৰ ফলত ক্ষতিগ্ৰস্ত পশ্চিমবংগৰ পুনৰ নিৰ্মাণ কাৰ্যৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনলৈ এহেজাৰ কোটি টকাৰ অগ্ৰিম বিত্তীয় সাহায্য আগবঢ়াব। ধুমুহাৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যে পশ্চিমবংগৰ উত্তৰ ২৪ পৰগনা জিলাৰ বসিৰহাটত অনুষ্ঠিত এখন প্ৰশাসনিক বৈঠকৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে ধুমুহাজনিত ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিজন ব্যক্তিৰ পৰিয়াললৈ ২ লাখ টকাকৈ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে। তেওঁ কয় যে ক্ষয়-ক্ষতিৰ মূল্যায়নৰ অৰ্থে অচিৰেই এটা কেন্দ্ৰীয় দলে ৰাজ্যখন ভ্ৰমণ কৰিব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে আকাশ মাৰ্গেৰে ধুমুহা প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰে। পশ্চিমবংগৰ ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বিয়লি ওড়িশাৰ ভুৱনেশ্বৰলৈ যাব। তাত তেওঁ ধুমুহাত ক্ষতিগ্ৰস্ত এলেকাসমূহ আকাশ মাৰ্গেৰে পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে তেওঁ পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে ভুৱনেশ্বৰত এখন পৰ্যালোচনা বৈঠকত মিলিত হ’ব। (AIR NEWS)

82 Days ago

Download Our Free App

Advertise Here