ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে ধেমাজি জিলাত জাপানীজ এনকেফেলাইটিচ ৰোগৰ সংক্ৰমণ বৃদ্ধি পাইছে। জিলাখনত চলিত বছৰটোত ৪২ জন লোক জাপানীজ এনকেফেলাইটিচ বা এনেধৰণৰ লক্ষণযুক্ত ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে। ৰোগত আক্ৰান্ত হৈ জিলাখনত ৪ জন লোকৰ মৃত্যু হৈছে বুলি স্বাস্থ্য বিষয়াই প্রকাশ কৰিছে। ইপিনে জোনাই মহকুমাত ৯ জন লোকৰ দেহত জাপানীজ এনকেফেলাইটিচ বা এনেধৰণৰ লক্ষণযুক্ত ৰোগে দেখা দিছে। জোনাইৰ লুহিজান, জোনাই বজাৰ, জোন কাৰেং, লামাজান আদি এই ৰোগৰ অধিক সংক্রমণ পৰিলক্ষিত হৈছে। আনহাতে ধেমাজিৰ ৰায়চাপৰি, হাটীফালিয়া, চৰাইপাৰা, মলি আদিত জাপানীজ এনকেফেলাইটিচ বা এনেধৰণৰ ৰোগত আক্ৰান্তৰ সংখ্যা অধিক হোৱা দেখা দিছে। জিলাখনৰ স্বাস্থ্য বিভাগে ৫টা উন্নয়ন খণ্ডত প্ৰতিমাহে ১৫ খনকৈ সজাগতা সভাৰ আয়োজন কৰিছে। তদুপৰি জিলাখনত থকা ৯৮টা উপস্বাস্থ্যকেন্দ্ৰত একোখনকৈ সজাগতা সভাৰ আয়োজন কৰা হৈছে বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে। (AIR NEWS)