आपकी जीत में ही हमारी जीत है
Promote your Business

নাগৰিকত্ব সংশোধনী আইনক লৈ উচ্চতম ন্যায়ালয়ত আজি প্ৰথম শুনানি

news

গুৱাহাটী: উচ্চতম ন্যায়ালয়ত আজি নিৰ্ণয় হ’ব অসমৰ ভৱিষ্যৎ। নাগৰিকত্ব সংশোধনী আইনক লৈ আজি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিব প্ৰথমটো শুনানি। মুখ্য ন্যায়াধীশ এছ এ ববডে নেতৃত্বাধীন ৩ জনীয়া বিচাৰপীঠে গ্ৰহণ কৰিব গোচৰৰ শুনানি। এই বিচাৰপীঠত আছে ন্যায়াধীশ বি আৰ গভাই আৰু ন্যায়াধীশ সূৰ্যকান্ত।

ইতিমধ্যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল হৈছে মুঠ ৫৯খন লেখ আবেদন। উল্লেখযোগ্য যে অসমৰ লগতে দেশৰ বহু দল–সংগঠন তথা ব্যক্তিয়ে আইনখনৰ বিৰুদ্ধে দাখিল কৰিছিল আবেদন।  (INDIA ONLINE)

283 Days ago

Download Our Free App

Advertise Here