নাৰীশক্তিক লগত লৈ ‘কা’ৰ বিৰুদ্ধে আছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

news

গুৱাহাটী: ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। সদৌ অসম ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত ব্যাপক জনমত গঠন কৰিবলৈ সক্ষম হোৱা দেখা পোৱা গৈছে। 

আছুৱে এইবাৰ নাৰীশক্তিক লগত লৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিব। শনিবাৰে সমগ্ৰ ৰাজ্যৰ প্ৰত্যেকখন আঞ্চলিকত নাৰীশক্তিক লৈ ৰূপায়ন কৰা হ’ব প্ৰতিবাদী কাৰ্যসূচী। আছুৰ নেতৃত্বত দিনৰ ১১ বজাৰ পৰা ২ বজালৈ চলিব এই অৱস্থান ধৰ্মঘট। উল্লেখযোগ্য যে লতাশিল খেল পথাৰতো ৰূপায়ণ হ’ব এই কাৰ্যসূচী।

সকলোকে এই কাৰ্যসূচীত যোগদানৰ বাবে আহ্বান জনাইছে আছু নেতৃত্ববৃন্দই। (INDIAONLINE)

66 Days ago