কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাইলৈ নগাঁও আৰু কাৰ্বি আংলং জিলাত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কাইলৈ দিনৰ ১০ বজাত মন্ত্ৰীগৰাকীয়ে বঢ়মপুৰৰ ভেৰভেৰীত মহামৃত্যুঞ্জয় মন্দিৰ উন্মোচন কৰাৰ পিছত বৰদোৱা থানাৰ উন্নয়ন আঁচনি আৰম্ভ কৰাৰ লগতে ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰিব। একেদিনাই বিয়লি গৃহমন্ত্ৰীগৰাকীয়ে কাৰ্বি আংলং জিলাৰ ডিফুত কাৰ্বি উগ্ৰপন্থী গোটৰ অস্ত্ৰ সম্বৰণ অনুষ্ঠানত উপস্থিত থকাৰ লগতে ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰিব। (AIR NEWS)