A part of Indiaonline network empowering local businesses

পাণবাৰীত হোৱা গুলীচালনাৰ ঘটনা সন্দৰ্ভত ৫ জনক গ্ৰেপ্তাৰ

news

ধেমাজিৰ অসম অৰুণাচল সীমান্তৰ পাণবাৰীত অসমৰ লোকৰ ওপৰত চলোৱা গুলীচালনাৰ ঘটনা সন্দৰ্ভত অৰুণাচল আৰক্ষীয়ে ৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে টুইট বার্তাযোগে প্রকাশ কৰা মতে অসম আৰক্ষীয়ে এই লোককেইজনক নিজৰ জিম্মাত ল'ব। উল্লেখযোগ্য যে কালি পুৱা নিজৰ চৌহদত গছপুলি ৰোপণ কৰি থকা অৱস্থাত বগা চুতীয়া আৰু মন্টু গগৈ নামৰ লোক দুজনক গুলীয়াই হত্যা কৰা হয়। স্থানীয় লোকৰ অভিযোগ মতে অৰুণাচলী ভূ-মাফিয়াই ধেমাজিৰ তিনিগৰাকী ব্যক্তিক অপহৰণ কৰি নিছে। বিষয়টো সন্দৰ্ভত জিলা প্রশাসনে বিহিত ব্যৱস্থা ল'ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। (AIR NEWS)

111 Days ago