Promote your Business

পাণ মচালাৰ নমুনা পৰীক্ষাৰ বাবে নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

news

গুৱাহাটী: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে গুটখাজাতীয় দ্ৰব্য সেৱনকাৰীৰ পৰিমাণ। পুৰুষৰ সমান্তৰালভাৱে নাৰীয়েও সেৱন কৰিবলৈ আৰম্ভ কৰিছে গুটখা তথা নিচাজাতীয় দ্ৰব্য। শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক ‘পাণ মচালা’ৰ নমুনা পৰীক্ষাৰ বাবে নিৰ্দেশ দিয়ে।  

পান মচালাত ব্যৱহাৰ কৰা মেগনেছিয়াম কাৰ্বনেটৰ দৰে কৰ্কট ৰোগ দৰে ক্ষতিকাৰক ৰোগ সৃষ্টি কৰা সামগ্ৰীৰ পৰিমান নিৰ্ধাৰণ কৰিবলৈ এই পৰীক্ষাৰ নিৰ্দেশনা দিয়ে। আনহাতে অসমীয়া যুৱ মঞ্চৰ সাধাৰণ সম্পাদক জিতুল ডেকাই ৰাজ্যত বিক্ৰী হোৱা পান মচালাসমূহৰ উৎপাদন নিষিদ্ধকৰণ, ৰপ্তানি আৰু বিক্ৰীৰ সন্দৰ্ভত আদালতত পি আই এল দাখিল কৰাৰ সন্দৰ্ভত এই সিদ্ধান্ত গ্ৰহণ কৰে। ডেকাই এই বিষয় সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ তত্বাৱধানত এক বিশেষ কমিটী গঠন কৰাৰ কথাও উত্থাপন কৰিছিল।

উল্লেখযোগ্য যে বিভিন্ন সময়ত শৰীৰৰ বাবে ক্ষতিকাৰক পান মচলা, ধঁপাতজাতীয় সামগ্ৰী বন্ধ কৰাৰ কাৰণে বিভিন্ন দাবীৰ লগতে নিৰ্দেশনা জাৰি কৰা হৈছে যদিও ইয়াৰ বিৰুদ্ধে কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।   (INDIA ONLINE)

42 Days ago

Download Our Free App