आपकी जीत में ही हमारी जीत है
Promote your Business

পেপচিকো ইণ্ডিয়াই ৰাজ্যত বিনিয়োগ কৰিব ৪০০ কোটি টকা

news

গুৱাহাটী: বৃহৎ উৎপাদনকাৰী প্ৰতিষ্ঠান পেপচিকো ইণ্ডিয়াই ৰাজ্যত প্ৰকল্প প্ৰতিষ্ঠাৰে ৪০০ কোটি টকাৰ বিনিয়োগৰ সিদ্ধান্ত লৈছে। এই গ্ৰীনফিল্ড প্ৰকল্প প্ৰতিষ্ঠাৰ দ্বাৰা প্ৰতিষ্ঠানটোৱে অসমত লেজ পটেট’ চিপছ আৰু কুৰকুৰে কৰ্ণ পাফ উৎপাদন কৰিব। 

প্ৰতিষ্ঠানটোৰ চৰকাৰী মন্ত্ৰালয়ৰ মূখ্য বিৰাজ চৌহানৰ নেতৃত্বত অহা পেপচিকো ইণ্ডিয়াৰ দল এটাই গুৱাহাটীত উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীক সাক্ষাৎ কৰে। প্ৰস্তাৱটোৰ বিষয়ে প্ৰতিষ্ঠানটোৰ কাৰ্যকৰ্তা এজনে কয় যে প্ৰতিষ্ঠানটোৱে বায়বেক পলিচিৰ যোগেৰে কৃষকসকলক বীজ প্ৰদান কৰিব আৰু তেওঁলোকৰ পৰা পুৰঠ ফচলসমূহ সংগ্ৰহ কৰিব। ইয়াৰ ওপৰিও প্ৰতিষ্ঠানটোৱে কৃষকসকলক হস্তকৰ্মৰ সহায়ো আগবঢ়াব বুলি জানিব দিয়ে। 

প্ৰস্তাৱটোত সহাঁৰি জনাই মন্ত্ৰী চন্দ্ৰমোন পাটোৱাৰীয়ে কয় যে তেওঁৰ বিভাগটোৱে ৰাজ্যিক কৃষি বিভাগৰ সহযোগত যাৱতীয় কাৰ্য্য হাতত ল’ব যাতে পেপচিকোই পোনপটীয়াকৈ কৃষকসকলক প্ৰশিক্ষণ দিব পাৰে। উল্লেখযোগ্য যে সদ্যহতে পেপচিকো ইণ্ডিয়াত ভাৰতৰ ১৩ খন ৰাজ্যৰ ২৪,০০০ কৃষকৰ সৈতে কাম কৰি আছে।  (INDIA ONLINE)

31 Days ago

Download Our Free App