A part of Indiaonline network empowering local businesses

প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত এল এম এছ-কৃষি ৰক্ষক প'ৰ্টেল মুকলি

news

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী অর্জুন মুণ্ডাই আজি নতুন দিল্লীত প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত এল এম এছ-কৃষি ৰক্ষক নামৰ এটা প'ৰ্টেল আৰু হেল্পলাইনৰ লগতে সাৰথি উদ্যম মুকলি কৰে। এই উপলক্ষে দিয়া ভাণষত মন্ত্ৰীগৰাকীয়ে কয় যে, এই উদ্যমৰ জৰিয়তে বীমাকৃত কৃষকসকল লাভান্বিত হ'ব আৰু তেওঁলোকৰ বিপদাশংকাও বহু পৰিমাণে হ্ৰাস হ'ব ।
মন্ত্ৰীগৰাকীয়ে কয় যে, কৃষি ৰক্ষক পোৰ্টেল আৰু হেল্পনাইন হৈছে- সংহত ওজৰ-আপত্তি নিষ্পত্তি প্ৰণালীৰ এটা ডিজীটীয় পোৰ্টেল আৰু কৃষকসকলৰ ওজৰ-আপত্তি তথা বিভিন্ন প্রশ্ন আদিৰ বাবে এটা কল চেণ্টাৰে স্থাপন কৰা হ'ব। ইপিনে সাৰথি উদ্যমে বীমাকৃত সামগ্ৰীসমূহৰ স্বাস্থ্য, সম্পত্তি, কৃষি উপকৰণ, মটৰ সা-সৰঞ্জাম আৰু দুৰ্যোগৰ বিপদাশংকাৰ ক্ষেত্ৰত বীমাৰ সুবিধা প্ৰদান কৰিব। শ্রী মুণ্ডাই কয় যে এল এম এছ অর্থাৎ Learning Management System দেশৰ প্ৰধান কৃষি যোজনাসূহৰ ৰূপায়ণৰ বাবে হিতাধিকাৰীসকলৰ প্ৰশিক্ষণ প্ৰদানৰ উদ্দেশ্যে যুগুত কৰা হৈছে। আজিৰ এই অনুষ্ঠানত কৃষি আৰু কৃষক কল্যাণ ৰাজ্য মন্ত্ৰী শোভা কন্দলাজে আৰু কৈলাশ চৌধাৰীও উপস্থিত আছিল। (AIR NEWS)

11 Days ago