A part of Indiaonline network empowering local businesses

প্রধানমন্ত্রী মোদীৰ দ্বাৰা দেশৰ নৱনির্মিত সংসদ ভৱন ৰাষ্ট্ৰৰ নামত উৎসর্গা

news

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নৱনির্মিত সংসদ ভৱন ৰাষ্ট্ৰৰ নামত উৎসর্গা কৰে। প্ৰধানমন্ত্রীয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ সৈতে ছেংগল অর্থাৎ ৰাজদণ্ড ডাল নতুন সংসদ ভৱনটোত স্থাপন কৰে। উল্লেখযোগ্য যে কালি সন্ধিয়া শ্ৰী মোদীয়ে তেওঁৰ বাসগৃহত অধীনমসকলক সাক্ষাৎ কৰি তেওঁলোকৰ আশীর্বাদ লয়। অধীমনসকলে শ্রীমোদীক এই ছেংগলডাল প্ৰদান কৰে। নতুন সংসদ ভৱনটোৰ উদ্বোধনী উপলক্ষে এটা ৭৫ টকা মূল্যৰ মুদ্ৰা আৰু ষ্টাম্প মুকলি কৰে। এই নৱনির্মিত সংসদ ভবনটোৱে আত্মনির্ভৰ ভাৰতৰ আত্মাক প্ৰতীকিৰূপত প্ৰকাশ কৰিছে। এই নৱনির্মিত সংসদ ভৱনটো মানসম্পন্ন নিৰ্মাণ কাৰ্যৰে অভিলেখ সময়ৰ ভিতৰতে সাজি উলিওৱা হৈছে। উল্লেখযোগ্য যে ২০২০ চনৰ ১০ ডিচেম্বৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই ভবনটোৰ আধাৰশিলা স্থাপন কৰিছিল। আঞ্চলিক কলা, শিল্প আৰু সাংস্কৃতিক ঐতিহ্যৰ সংহত অভিব্যক্তি স্বৰূপ ৬৫ হাজাৰ বৰ্গ মিটাৰ এলেকা সামৰি থকা এই ভৱনটোত আধুনিক ভাৰতৰ বৈচিত্ৰ্য আৰু গতিশীলতাৰ ছবি নিহিত হৈ আছে। এই ভৱনটো স্থাপত্য কলাৰ উৎকৃষ্ট নিদৰ্শন আৰু ৰাষ্ট্ৰৰ প্ৰগতিৰ গৌৰৱশালী প্রতীক। ভৱনটোৰ অন্তৰভাগত দেশৰ সমৃদ্ধিশালী সাংস্কৃতিক ঐতিহ্যৰ ছবি দাঙি ধৰা হৈছে। অত্যাধুনিক প্রযুক্তিৰে সমৃদ্ধ এই ভৱনটোত সাংসদসকলে বাধাহীনভাৱে যোগাযোগৰ সুবিধা লাভ কৰিব আৰু তেওঁলোকৰ কাৰ্যদক্ষতাও বৃদ্ধি পাব। নতুন সংসদ ভৱনত লোকসভাৰ আসনৰ সংখ্যা ৮৮৮লৈ বৃদ্ধি কৰা হৈছে। দেশৰ ৰাষ্ট্ৰীয় পক্ষী ময়ূৰক আৰ্হি হিচাপে লৈ আটকধুনীয়া গৃহসজ্জাৰে সজাইতোলা এই প্ৰেক্ষাগৃহটোত শাসন আৰু সন্মানৰ ভাৱনা প্ৰতিফলিত হৈছে। ৰাজ্য সভাৰ প্ৰেক্ষাগৃহত ৩৮৪জন সদস্যৰ বাবে আসনৰ ব্যৱস্থা আছে।
একেদৰে সমিতি কক্ষসমূহত আলাপ-আলোচনাৰ বাবে উন্নতমানৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। জ্ঞান অৰ্জনৰ বাবে নতুন সংসদ ভৱনত এটা বিশাল পুথিভঁৰালো সংযোজন কৰা হৈছে। পৰিৱেশ অনুকুল হোৱাৰ বাবে ভৱনটোক প্লেটিনাম ৰেটিং প্ৰদান কৰা হৈছে। এই ভৱনটো বহনক্ষম পৰিৱেশৰ প্ৰতি ভাৰতৰ প্রতিশ্রুতিবদ্ধতা প্রতীক। (AIR NEWS)

120 Days ago