জি-টুৱেণ্টি শীর্ষ সন্মিলনৰ আজি দ্বিতীয় তথা অন্তিম দিনা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত এটা ভবিষ্যত শীর্ষক তৃতীয় সত্র অনুষ্ঠিত হৈছে। বিশ্ব নেতা আৰু প্রতিনিধিসকলে এই সত্ৰত অংশগ্ৰহণ কৰিছে। প্রধানমন্ত্রী মোদীয়ে অনুষ্ঠানত ব্রাজিলৰ ৰাষ্ট্ৰপতি লুইছ ইনাছিঅ' লুলা ডি চিলভাক আনুষ্ঠানিকভাবে জি-টুৱেণ্টি ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ দায়িত্ব অৰ্পন কৰে।
বিশ্বনেতাসকলে ৰাজঘাটত থকা মহাত্মা গান্ধীৰ সমাধিত শ্রদ্ধার্ঘ নিবেদন কৰি দিনটোৰ পাতনি মেলে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৰাজঘাটত নেতাসকলক আদৰণি জনায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন, ব্রিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাক, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামফোচা, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ', ইটালীৰ প্ৰধানমন্ত্ৰী জিঅর্জিয়া, মেলোনি, দক্ষিণ কোৰিয়াৰ ৰাষ্ট্রপতি য়ুন ছুক য়িঅলকে ধৰি অন্য নেতাসকলে মহাত্মা গান্ধীৰ সমাধিত পুস্পার্ঘ নিবেদন কৰে। পাছত প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টত কয় যে, জি-টুৱেণ্টি পৰিয়ালে প্রসিদ্ধ ৰাজঘাটত শান্তি, সেৱা, দয়া আৰু অহিংসাৰ প্ৰতিমূর্তি মহাত্মা গান্ধীলৈ শ্রদ্ধার্ঘ নিবেদন কৰিছে।
তেওঁ কয় যে, বিবিধতাপূর্ণ ৰাষ্ট্ৰগোট হিচাপে মহাত্মা গান্ধীৰ কাল-নিৰপেক্ষ আদৰ্শৰাজীয়ে সৌহাদ্যপূর্ণ, সর্বাত্মক আৰু সমৃদ্ধিশালী বিশ্বৰ হ'কে আমাৰ সমুহীয়া দৃষ্টিভংগীক পথ দেখুৱাই যাব। জি-টুৱেন্টি শীর্ষ সন্মিলনৰ সুযোগতে আজি কেইবালানিও দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছে। প্রধানমন্ত্রী মোদী ফ্রান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ'ৰ সৈতে মধ্যাহ্ন ভোজমেলত মিলিত হয়। শ্রীমোদীয়ে কানাডা, কোমোৰোজ, তুৰস্ক, সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্র, দক্ষিণ কোৰিয়া, ইউৰোপীয় সংঘ, ইউৰোপীয় আয়োগ, ব্রাজিল আৰু নাইজেৰিয়াৰ নেতৃবৰ্গৰ সৈতেও আলোচনাত মিলিত হয়। (AIR NEWS)