কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে কৈছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণ সঁচাকৈয়ে ঐতিহাসিক আৰু এই ভ্রমণে পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন ক্ষেত্ৰত দুয়োখন দেশৰ মাজৰ কৌশলগত অংশগ্ৰহণৰ নতুন সংজ্ঞা দিছে। নতুন দিল্লীত থকা দলৰ মুখ্য কাৰ্যালয়ত আজি এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীমতী সীতাৰমনে কয় যে, প্রধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত প্ৰতিৰক্ষা উৎপাদন, প্রযুক্তি আৰু কর্মসংস্থাপনৰ ক্ষেত্ৰত কেইবাখনো গুৰুত্বপূর্ণ চুক্তিত স্বাক্ষৰিত হৈছে। হিন্দুস্থান এৰনেটিক্স লিমিটেড আৰু জেনেৰেল ইলেকট্ৰিকৰ মাজত F-414 শ্ৰেণীৰ বিমান ইঞ্জিনৰ যুটীয়া উৎপাদনৰ বাবে হোৱা চুক্তি প্রধানমন্ত্ৰীৰ আমেৰিকা ভ্ৰমণৰ অন্যতম সাফল্য বুলি তেওঁ উল্লেখ কৰে।
প্রধানমন্ত্রী মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদ কংগ্ৰেছৰ উভয় সদনৰ যুটীয়া বৈঠকত দিয়া ভাষণ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, কম সংখ্যক লোকেহে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদত ভাষণ দিয়াৰ সুযোগ লাভ কৰে। শ্ৰীমতী সীতাৰমনে লগতে কয় যে, এয়া দেশবাসীৰ বাবে গৌৰৱৰ কথা। (AIR NEWS)