A part of Indiaonline network empowering local businesses

পৰীক্ষা পে চৰ্চাৰ ষষ্ঠ সংস্কৰণত প্রধানমন্ত্ৰী মোদীৰ শিক্ষাৰ্থীৰ সৈতে মত-বিনিময়

News

আজি নতুন দিল্লীৰ তালকটোৰা ষ্টেডিয়ামত অনুষ্ঠিত পৰীক্ষা পে চৰ্চাৰ ষষ্ঠ সংস্কৰণত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। ছাত্ৰ-ছাত্ৰীৰ মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যে আয়োজিত এই বিশেষ কার্যসূচীত ষ্টেডিয়ামত উপস্থিত থাকি মুঠ ২ হাজাৰ গৰাকী শিক্ষার্থীয়ে প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰাৰ লগতে বহু শিক্ষাৰ্থীয়ে দেশৰ ভিন্ন প্ৰান্তৰ পৰা পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তেও অংশ লয়। অনুষ্ঠানত উপস্থিত থাকি প্রধানমন্ত্রী মোদীয়ে ছাত্র-ছাত্রীক উদ্দেশ্যি কয় যে, কেৱল পৰীক্ষাৰ বাবেই নহয়, জীৱনত সদায়েই সময় ব্যৱস্থাপনাৰ প্ৰতি সচেতন হোৱা উচিত। শ্ৰী মোদীয়ে কয় যে তেওঁৰ বাবে পৰীক্ষা পে চৰ্চাও এটা পৰীক্ষাৰ দৰেই। কিয়নো ছাত্ৰ-ছাত্ৰীসকলে তেওঁৰ সন্মুখত বিভিন্ন প্রশ্ন উত্থাপন কৰি তেওঁৰো পৰীক্ষা লৈছে। তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীৰ উৎসুকতা ভৰা প্ৰশ্নই তেওঁক সদায় আনন্দিত কৰে । মানসিক চাপমুক্ত পৰীক্ষা সম্পৰ্কত ছাত্ৰ-ছাত্ৰীসকলে কৰা প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, অভিভাৱকে সন্তানৰ পৰা উন্নত ফলাফল আশা কৰাটো স্বাভাৱিক কিন্তু সামাজিক মর্যাদাৰ বাবে তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰাটো অনুচিত। তেওঁ কয় যে, ছাত্ৰ-ছাত্ৰীসকলে নিজৰ দৃঢ়তা আৰু শক্তিক অভিভাৱকৰ আশাৰ সৈতে সংযোগ কৰি পঢ়াত মনোনিৱেশ কৰাটো জৰুৰী। অনুষ্ঠানত শ্ৰী মোদীয়ে ছাত্র-ছাত্রীসকলক নিজ নিজ প্ৰিয় বিষয়বোৰত অধিক সময় দিবলৈ পৰামৰ্শ দিয়ে। তাৰ লগতে তেওঁ কঠিন বিষয়বোৰৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিব পৰাকৈ পৰ্যাপ্ত সময় দিবলৈ ক্ষুদ্ৰ ব্যৱস্থাপনা কৌশল অৱলম্বন কৰাৰ মন্ত্ৰও প্ৰদান কৰে। উল্লেখযোগ্য যে মুঠ ৩৮ লাখ শিক্ষার্থীয়ে নাম পঞ্জীয়ন কৰা এইবাৰৰ পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ বাবে ২০ লাখৰো অধিক প্ৰশ্ন জমা হৈছিল, যাৰ মাজৰ পৰা প্ৰধানমন্ত্ৰীয়ে এন চি ই আৰ টিৰ দ্বাৰা নিৰ্বাচিত বচা বচা প্ৰশ্নসমূহৰ উত্তৰ দিয়ে। (AIR NEWS)

64 Days ago