आपकी जीत में ही हमारी जीत है
Promote your Business

ফেব্ৰুৱাৰীত গুৱাহাটীত হ’ব ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান

news

গুৱাহাটী: দেশৰ আটাইতকৈ জনপ্ৰিয় অনুষ্ঠান ফিল্মফেয়াৰ এৱাৰ্ডছ এইবাৰ অনুষ্ঠিত হ’ব গুৱাহাটীত। উল্লেখযোগ্য যে ২০২০ চনৰ ১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এই বঁটা প্ৰদান অনুষ্ঠান প্ৰথমবাৰৰ বাবে উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যত অনুষ্ঠিত হ’ব।

এই বঁটা প্ৰদান অনুষ্ঠানৰ বাবে ২৫ নৱেম্বৰত ফিল্মফেয়াৰ এৱাৰ্ডৰ উদ্যোক্তা টাইমছ গ্ৰুপৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিব অসম পৰ্যটন বিভাগে।

ৰাজ্যৰ পৰ্যটনক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰিবলৈ বলীউদৰ প্ৰভাৱৰ ব্যৱহাৰ কৰাৰ অংশ হিচাপেই অসম চৰকাৰে এই বঁটা প্ৰদান অনুষ্ঠান গুৱাহাটীত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে।

প্ৰাপ্ত তথ্য অনুসৰি প্ৰায় ২০ ৰ পৰা ৩০ কোটি টকা ব্যয় সপেক্ষে হ’বলগীয়া এই অনুষ্ঠান ১৫ ফেব্ৰুৱাৰী, ২০২০ তাৰিখে আমিনগাৱৰ ৰাজীৱ গান্ধী ইনড’ৰ ষ্টেডিয়ামত অনুস্থিত হ’ব।

উল্লেখ্য যে অসম চৰকাৰৰ তৰফৰ পৰা বিগত ১০ আগষ্টত প্ৰকাশ কৰা এক তথ্য অনুসৰি অসমক বিশ্বৰ পৰ্যটক সমাজৰ লক্ষ্যস্থান হিচাপে গঢ়ি তোলাৰ বাবে ৩০০ কোটি টকা আৱণ্টন কৰা হৈছে। (INDIAONLINE)

128 Days ago

Download Our Free App