A part of Indiaonline network empowering local businesses

বংগোপ সাগৰত সৃষ্টি হোৱা গভীৰ নিম্ন চাপ বলয় মচা নামৰ সাগৰীয় ঘূর্ণিবতাহলৈ ৰূপান্তৰিত

news

বংগোপ সাগৰত সৃষ্টি হোৱা গভীৰ নিম্ন চাপ বলয় আজি পুৱা মচা নামৰ সাগৰীয় ঘূর্ণিবতাহলৈ ৰূপান্তৰিত হৈছে। এই ঘূর্ণিবতাহজাক পৰ্ট ব্লেয়াৰৰ পৰা ৫১০ কিলোমিটাৰ পশ্চিম, দক্ষিণ-পশ্চিমত আৰু বাংলাদেশৰ কক্স বাজাৰৰ পৰা ১,২১০ কিলোমিটাৰ দক্ষিণ, দক্ষিণ-পশ্চিমত কেন্দ্রীভূত হৈ আছে। আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা কথা-বতৰাত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালকপ্রধান মৃত্যুঞ্জয় মহাপাত্রই কয় যে, আজি মাজনিশাৰ ভাগলৈ ঘূর্ণিবতাহজাক তীব্ৰতৰ হোৱাৰ আশংকা কৰা হৈছে। তেওঁ লগতে ম’চা ঘূর্ণিবতাহে ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূল অঞ্চলত প্ৰভাৱ নেপেলায় বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে, ঘূর্ণিবতাহজাক বাংলাদেশ, ম্যানমাৰ উপকূল অঞ্চলৰ দিশে অগ্ৰসৰ হ'ব। অৱশ্যে, সাগৰৰ গভীৰ অংশত ঘূর্ণিবতাহৰ প্ৰভাৱ পৰিব আৰু সেইবাবে বংগোপ সাগৰৰ দক্ষিণ-পূব তথা মধ্যাংশ আৰু আন্দামানৰ সাগৰত দেওবাৰলৈকে সকলোধৰণৰ সৰু জাহাজৰ চলাচল তথা নাৱেৰে মাছধৰা কাৰ্যৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে বুলি শ্ৰী মহাপাত্রই জানিবলৈ দিয়ে। (AIR NEWS)

16 Days ago