A part of Indiaonline network empowering local businesses

বলিউডৰ কিম্বদন্তি পৰিচালক তথা গায়ক বাপ্পী লাহিড়ীৰ দেহাৱসান

news

বলিউডৰ কিম্বদন্তি পৰিচালক তথা গায়ক বাপ্পী লাহিড়ীৰ দেহাৱসানত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে। বাপ্পী লাহিড়ীয়ে ভাৰতত ডিস্কো সংগীত জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰাৰ লগতে শ্ৰোতালৈ ভালেমান জনপ্ৰিয় গীত উপহাৰ দি গৈছে। ৰাষ্ট্ৰপতি শ্ৰীৰামনাথ কোৱিন্দে লাহিড়ীৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে, তেওঁৰ গীতে কেৱল ভাৰততে নহয় বিদেশতো জনপ্ৰিয়তা লাভ কৰিছিল। উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে লাহিড়ীৰ মৃত্যুত ভাৰতে এজন প্ৰখ্যাত গায়ক আৰু সুৰকাৰক হেৰুৱালে বুলি দুখ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও এটা শোকবাৰ্তাত কয় যে, তেওঁৰ সংগীতে সকলোকে মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল। (AIRNEWS)

585 Days ago