आपकी जीत में ही हमारी जीत है
Promote your Business

বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

news

গোলাঘাট: ক'ৰণা ভাইৰাছৰ সমন্তৰালকৈ ৰাজ্যত এতিয়া বানৰ সংহাৰ। কাজিৰঙাত ত্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে বানে৷ বানৰ কবলত পৰিছে কাজিৰঙাৰ ৯০% অঞ্চল। ইয়াৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অমাজ জীৱৰকুলৰ মাজত। শুকান আশ্ৰয়স্থল বিচাৰি সকলো ঢাপলি মেলিছে ওখ ঠাইলৈ।

ৰাষ্ট্ৰীয় উদ্যানখনৰ ২২৩টা বন শিবিৰৰ ভিতৰত বৰ্তমান ১৮০টা ৰো অধিক বন শিবিৰৰ বানৰ কবলত পৰিছে৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান জলমগ্ন কৰাৰ ফলত ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীয়ে খাদ্য আৰু আশ্ৰয়ৰ সন্ধানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দক্ষিণে থকা কাৰ্বি পাহাৰৰ দিশে গতি কৰিছে। আনহাতে কিছু সংখ্যক বন্যপ্ৰাণীয়ে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষত আশ্ৰয় ল’ব লগা হৈছে ৷

বন্যপ্ৰাণীসমূহৰ সুৰক্ষাৰ বাবে উদ্যান কৰ্তৃপক্ষই যান বাহনৰ গতি বেগ ঘণ্টাত ৪০ কিলোমিটাৰ নিৰ্দ্ধাৰণ কৰিছে। ইয়াৰ সমান্তৰালকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই প্ৰৱৰ্তন কৰিছে টাইম কাৰ্ড৷

এই টাইম কাৰ্ড মতে বোকাখাত বৰজুৰিৰ পৰা জখলাবন্ধাৰ আমগুৰিলৈকে ৪৯ কিঃমিঃ পথ অতিক্ৰম কৰিব লাগিব ৭৪ মিনিটত৷ নিৰ্ধাৰিত সময়ৰ পূৰ্বে অতিক্ৰম কৰিলে ৯ হাজাৰ টকা জৰিমনা ভৰিব লাগিব। (INDIAONLINE)

78 Days ago

Download Our Free App

Advertise Here